ইৰানৰ ৰাষ্ট্ৰপতিৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ সন্ধান লাভ
🔹 শোকাৱহ : ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি, বৈদেশিক মন্ত্ৰীসহ ৯জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২০ মে’ : দেওবাৰে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত ইৰানৰ বৈদেশিক মন্ত্ৰীও ৰাষ্ট্ৰপতি ৰাইছিৰ লগত আছিল। জানিব পৰা মতে, উদ্ধাৰকাৰী দলটোৱে নিশা তালাচী চলাই সোমবাৰে হেলিকপ্টাৰখন উদ্ধাৰ কৰে। শেহতীয়াকৈ জানিব পৰা মতে, ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ ৭গৰাকী উচ্চপদস্থ বিষয়াৰ লগতে মুঠ ৯গৰাকী লোকৰ প্ৰাণহানি হৈছে ভয়াৱহ দুঘটনাটোত। প্ৰথমাৱস্থাত অৱশ্যে ৰাষ্ট্ৰপতি ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানৰ জীয়াই থকাৰ আশা কম বুলি কোৱা হৈছিল। হেলিকপ্টাৰখনত থকা সকলোৰে মৃত্যুৰ আশংকা কৰা হৈছিল। অতি বিধ্বস্ত অৱস্থাত পোৱা গৈছিল দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন । দুৰ্ঘটনাৰ ফলত হেলিকপ্টাৰখনত জুই লাগে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় হেলিকপ্টাৰখনৰ কেবিন। হেলিকপ্টাৰখন আজাৰবাইজান সীমান্তৰ ওচৰলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। অৱশেষত সোমবাৰে পুৱা উদ্ধাৰ হয় হেলিকপ্টাৰখন। দেওবাৰে ইৰানৰ ৰাষ্ট্ৰপতি ৰাইছিৰ দুৰ্ঘটনাৰ খবৰ পাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এক্স হেণ্ডেলত লিখিছে- ‘ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ দুৰ্ঘটনাৰ খবৰ পাই মই অতিশয় চিন্তিত।’ এএনআইৰ তথ্য অনুসৰি দেওবাৰে আজাৰবাইজানৰ ৰাষ্ট্ৰপতিৰ সৈতে ৰাইছিৰ এক কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীয়েই ভয়ংকৰ বিপদৰ সৃষ্টি কৰে। পাহাৰীয়া অঞ্চল পাৰ হোৱাৰ সময়তে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল। মূলতঃ ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে পাইলটজনে পথ হেৰুৱাই পেলায়। ইয়াৰ পিছত উত্তৰ-পশ্চিম ইৰানৰ এখন পাহাৰত খুন্দা মাৰে। সেই অঞ্চলটো তেহৰান চহৰৰ পৰা ৬০০ কিলোমিটাৰ দূৰত। পূব আজাৰবাইজানৰ অংশ। প্ৰথমে খবৰ পোৱা গৈছিল যে হেলিকপ্টাৰখনে বেয়াকৈ জৰুৰীকালীন অৱতৰণ কৰিছিল। কিন্তু পিছত গম পোৱা যায় যে ই এখন পাহাৰত খুন্দা মাৰে। ইয়াৰ পিছত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ হয়। কিন্তু বতৰ বেয়াৰ বাবে উদ্ধাৰকাৰী দলটোৱে অনুসন্ধান চলোৱাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। নিশাটোৰ অনুসন্ধানৰ অন্তত অৱশেষত সোমবাৰে পুৱা দুৰ্ঘটনাস্থলী চিনাক্ত কৰা হয়। উদ্ধাৰকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে হেলিকপ্টাৰখন জ্বলি ছাই হৈ গৈছে। পৰিস্থিতি বৰ বেয়া। ভয়াৱহ দুঘটনাটোত ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ ৯গৰাকী লোকৰ প্ৰাণহানি হয়।