নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রহাণুৰ নমুনা লৈ পৃথিৱীলৈ উভতিল জাপানৰ হায়াবাছা–২

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ পৃথিৱীৰ পৰা ৩০০ নিযুত কিলোমিটাৰ নিলগত থকা গ্রহাণু ৰায়গুৰ পৃষ্ঠৰ লগতে পৃষ্ঠৰ ভিতৰভাগৰ ধূলি–মাটি সংগ্রহ কৰি পৃথিৱীলৈ নিৰাপদে উভতি আহিল জাপানৰ মহাকাশযান হায়াবাছা–২৷ কালি নিচেই পুৱা হায়াবাছা–২ নিৰাপদে অৱতৰণ কৰে অষ্ট্রেলিয়াৰ ৱুমেৰাত৷ এই মহাকাশ যানখনে গ্রহাণুটোৰ পৰা ধূলিসহ বিভিন্ন সামগ্রী কঢ়িয়াই আনিছে৷ ২০১৯ বর্ষৰ প্রাৰম্ভতে হায়াবাছাই গ্রহাণুৰ পৰা নমুনা সংগ্রহ কৰি  পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ পৰা ২২০,০০০ কিলোমিটাৰ দূৰত্বত দুই তৰপীয়া হায়াবাছাৰ পৰা এটা কণ্টেইনাৰ পৃথক কৰা হয় আৰু সেই পৃথক হোৱা কণ্টেইনাৰটো পেৰাছ্যুটৰ যোগেদি অষ্ট্রেলিয়াৰ ৱুমেৰাত নিৰাপদে অৱতৰণ কৰোৱা হয়৷

তথ্য মতে এই কণ্টেইনাৰটোৰ ওজন ১৬ কিলোগ্রাম৷ ৰয়েল অষ্ট্রেলিয়াৰ এয়াৰফ’র্চে এই কণ্টেইনাৰটো সংগ্রহ কৰে৷ উল্লেখ্য যে হায়াবাছা–২ক ২০১৪ চনত উৎক্ষেপণ কৰা হৈছিল৷ এই মহাকাশযানখনে গ্রহাণু ৰায়গুৰ পৰা সফলতাৰে নমুনা সংগ্রহ কৰাৰ পিছত পৰৱর্তী আন দুটি নতুন গ্রহাণুলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে জাপানে৷ জাপান এৰ’ স্পেচ এক্সপ্লৰেচন এজেঞ্চীয়ে প্রকাশ কৰা মতে ২০২৬ চনত ২০০১ চি চি২১ আৰু ২০৩১ চনৰ জুলাইত ১৯৯৮ কে ৱাই২৬ গ্রহাণুলৈ মহাকাশযানখন প্রেৰণ কৰিব৷

You might also like