অযোধ্যাত কেএফচিৰ বিপণীত কেৱল নিৰামিষ আহাৰ
🔹 জিলা দণ্ডাধীশ নীতিশ কুমাৰৰ নির্দেশনা
বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ সংলগ্ন অঞ্চলত আমেৰিকাৰ খাদ্য কোম্পানী কেণ্টুকী ফ্রাইড চিকেন চমুকৈ কেএফচিৰ বিপণী খোলাত অনুমতি প্রদান কৰা হৈছে৷ কিন্তু অযোধ্যাৰ জিলা দণ্ডাধীশ নীতিশ কুমাৰে জাৰি কৰা নির্দেশনা অনুসৰি এই কেএফচিৰ বিপণীত আমিষ আহাৰৰ বিপৰীতে নিৰামিষ আহাৰ যোগান ধৰিব লাগিব৷ অৱশ্যে ৰাম মন্দিৰ সংলগ্ন অঞ্চলটোৰ দূৰৈত কেএফচিয়ে আমিষ আহাৰ পৰিৱেশন কৰিব পাৰিব৷ কোনো কাৰণতে সুৰাজাতীয় সামগ্রী যোগানত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ৰাম মন্দিৰৰ পৰা ১৫ কিলোমিটাৰ নিলগলৈকে কেএফচিৰ ক্ষেত্রত এই নিষেধাজ্ঞা বাহাল থাকিব৷ অৱশ্যে অযোধ্যাৰ বাহিৰৰ অঞ্চলসমূহত কেএফচিৰ বিপণীত কোনোধৰণৰ নিষেধাজ্ঞা নাথাকে৷ উত্তৰাখণ্ডৰ হৰিদ্বাৰতো কেএফচিক লৈ এই নির্দেশনা আছে৷