ইণ্টাৰনেট যুদ্ধত আমেৰিকাক পংগু কৰিলে কিম জং উনে
ডিজিটেল ডেস্ক, ৪ এপ্রিল : যোৱা এমাহৰো অধিক কালজুৰি ইৰান যুদ্ধত ব্যস্ত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ সেই সময়তে কিম জং উনে ইণ্টাৰনেটত বিয়পাই দিয়া জালত বন্দী হ’ল একাধিক আমেৰিকান কোম্পানী৷ উত্তৰ কোৰিয়াৰ হেকাৰসকলে হাজাৰ হাজাৰ মার্কিন কোম্পানীৰ ছফটৱেৰত দখল দিছে৷ সময়–সুযোগ বুজি অন্তর্ধান কৰিছে মিলিয়ন মিলিয়ন ক্রিপ্টো কাৰেঞ্চী৷ সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ পাইছে এই প্রতিবেদন৷
চাইবাৰ বিশেষজ্ঞসকলে জনোৱা মতে, মার্কিন কোম্পানীসমূহৰ ক্রিপ্টো কাৰেঞ্চী লুট কৰাৰ বাবে দীর্ঘম্যাদী পৰিকল্পনা কৰিছে উত্তৰ কোৰিয়াৰ কিম প্রশাসনে৷ ইয়াৰ বাবে নিয়োগ কৰা হৈছে দেশখনৰ বছা বছা হেকাৰসকলক৷ এই হেকাৰসকলে আমেৰিকান সংস্থাসমূহৰ ছফটৱেৰসমূহত সোমাই গৈ তেওঁলোকৰ ধন–বিত হস্তগত কৰিছে৷ সেই ধন–বিতসমূহেই কিমৰ পাৰমাণৱিক অস্ত্র কার্যসূচীত ব্যয় কৰা হৈছে৷
জানিব পৰা মতে যোৱা মঙলবাৰে পুৱা ৩ ঘণ্টাৰ বাবে পিয়ং য়ঙৰ পোষ্য হেকাৰসকলে ‘এক্সিঅ’ছ’ নামৰ এটা মার্কিন ছফটৱেৰৰ এডমিনৰ একাউণ্টত সোমাই পৰে৷ ইয়াৰ ফলত দেশখনৰ বিপুল ক্ষতি হয়৷ কাৰণ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বিত্তলৈকে প্রায় প্রতিটো শিতানতে কোম্পানীসমূহে তেওঁলোকৰ ৱেবছাইট নির্মাণ আৰু পৰিচালনা সহজ কৰিবলৈ এক্সিঅ’ছ ছফটৱেৰটো ব্যৱহাৰ কৰি থাকে৷
গুগলৰ মালিকানাধীন চাইবাৰ চোৰাংচোৱা সংস্থা ‘মেণ্ডিয়েণ্ট’–এ জনাইছে যে সন্দেহযুক্ত উত্তৰ কোৰিয়ান হেকিং বাহিনী ইয়াৰ বাবে দায়ী৷ ১২টা কোম্পানীৰ ১৩৫টা হেক হোৱা ডিভাইচ চিনাক্ত কৰা হৈছে৷ ২০২৩ চনত হোৱাইট হাউছৰ এজন বিষয়াই প্রকাশ কৰিছিল যে উত্তৰ কোৰিয়াত ক্ষেপণাস্ত্র কার্যসূচীৰ প্রায় আধা অংশৰ বিত্ত এই ধৰণৰ ডিজিটেল চুৰিৰ মাধ্যমেৰে যোগান ধৰা হয়৷ যোৱা বছৰ উত্তৰ কোৰিয়াৰ হেকাৰসকলে একেকোবে ১.৫ বিলিয়ন ডলাৰ মূল্যৰ ক্রিপ্টো কাৰেঞ্চী চুৰি কৰিছিল৷ এই পৰিমাণটো আছিল এতিয়ালৈকে নথিভুক্ত সবাতোকৈ বৃহৎ ক্রিপ্টো হেক৷
গুগলৰ মালিকানাধীন আন এটা চাইবাৰ নিৰাপত্তা সংস্থা ‘উইজ’ৰ ‘ষ্ট্রেটেজিক থ্রেট ইণ্টেলিজেঞ্চ’ৰ পৰিচালক বেন ৰিডৰ বক্তব্য আছিল যে উত্তৰ কোৰিয়াৰ সুনামৰ ক্ষেত্রত কোনো দায়–দায়িত্ব নাই৷ ফলত ক্রিপ্টো ডকাইতিৰ বিষয়টো প্রমাণ হ’লেও তেওঁলোকৰ একো আহে বা নাযায়৷ একনায়ক কিমে নিজৰ কাম চলাই গৈছে৷