নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শপতগ্রহণৰ পূর্বে এনডিএৰ নেতাৰ সৈতে চাহমেল মোদীৰ

🔹 এশ দিনৰ কর্মসূচী প্রস্তুতৰ নির্দেশ প্রধানমন্ত্রীৰ

বিশেষ বাৰ্তা, ৯ জুন : ইতিহাস সৃষ্টিৰে ভাৰতত ক্রমাগত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পূর্বে নৰেন্দ্র মোদীয়ে আজি বিজেপি নেতৃত্বাধীন এনডিএ নেতাসকলৰ সৈতে চাহমেলত মিলিত হয়৷ ২০১৪ চনত প্রথমবাৰ প্রধানমন্ত্রীৰ শপত লোৱাৰ পূর্বে এনডিএৰ নেতাৰ সৈতে চাহমেলত মিলিত হোৱাৰ পৰম্পৰা অব্যাহত ৰাখি আজি মোদীয়ে তেওঁৰ চৰকাৰী বাসভৱনত এনডিএ নেতাৰ সৈতে মিলিত হয়৷ এই এনডিএৰ নেতাসকল হৈছে যিসকলে মোদী চৰকাৰৰ মন্ত্রীসভাত স্থান লাভ কৰিব৷ এনডিএ ৩.০ চৰকাৰ তথা মোদী ৩.০ চৰকাৰৰ মন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে চাহমেলত পৰৱর্তী চৰকাৰৰ কার্যকলাপ সন্দর্ভত আলোচনা কৰে৷ নৱনির্বাচিত সাংসদসকলক অভিনন্দন–শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মোদীয়ে তেওঁৰ মন্ত্রীসভাত স্থান লাভ কৰা সাংসদসকলক অভিনন্দন জ্ঞাপন কৰে৷ নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গত অৱস্থিত চৰকাৰী বাসভৱনত আয়োজিত চাহমেলত বিজেপিৰ অমিত শ্বাহ, নীতিন গাডকাৰি, শিৱৰাজ সিং চৌহান, গিৰিৰাজ সিং, ৰাজনাথ সিং, নির্মলা সীতাৰমণকে ধৰি মন্ত্রীসভাত স্থান লাভ কৰা বিজেপিৰ সাংসদসকলৰ লগতে জেডিএছৰ এইচ ডি কুমাৰাস্বামী, জেডি(ইউ)ৰ ললন সিং, আৰএলডিৰ জয়ন্ত চৌধুৰী, হামৰ জিতেন্দ্র মাঝি, ৰামদাস আঠাৱালে, সিন্দে নেতৃত্বাধীন শিৱসেনাৰ প্রতাপৰাও যাদৱ, চিৰাগ পাছোৱান, অনুসূয়া পেটেল, টিডিপিৰ ৰামমোহন নাইডু, চন্দ্রশেখৰ পেম্মাছানিকে আদি কৰি মন্ত্রীসভাত স্থান লাভ কৰা এনডিএৰ সাংসদসকল উপস্থিত থাকে৷ এই চাহমেলতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰৱর্তী ১০০ দিনৰ কর্মসূচী প্রস্তুত কৰিবলৈ উপস্থিত থকা সাংসদসকলক নির্দেশ দিয়ে৷ ইপিনে, প্রধানমন্ত্রীৰ শপত লোৱাৰ পূর্বে নৰেন্দ্র মোদীয়ে আজি পুৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শপতগ্রহণৰ পূর্বে জাতিৰ পিতাক শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে বিজেপিৰ মহীৰূহ, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীলৈও গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে প্রধানমন্ত্রীগৰাকীয়ে যুদ্ধ স্মাৰকলৈ গৈ দেশৰ সেৱাত প্রাণ আহুতি দিয়া সেনা জোৱানক চেল্যুট জনাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like