নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীৰ সম্ভাব্য দিন ঘোষণা

🔹 ভাৰতৰ ৰোহিত বাহিনীৰ অংশগ্রহণক লৈ অনিশ্চয়তা

বিশেষ বাৰ্তা, ৯ জুন : টি–২০ বিশ্বকাপৰ মাজতে পোহৰলৈ আহিছে অহা বছৰ হ’বলগীয়া চেম্পিয়নছ ট্রফীৰ সম্ভাব্য সময়৷ ২০২৫ চনৰ চেম্পিয়নছ ট্রফী পাকিস্তানত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে ইণ্টাৰনেচনেল ক্রিকেট কাউন্সিলে৷ অহা বছৰ চেম্পিয়নছ ট্রফীৰ বাবে ২০ দিন সময় নির্দিষ্ট কৰিছে আইচিচিয়ে৷ আনুষ্ঠানিকভাৱে প্রকাশ নকৰিলেও আইচিচিৰ সূত্রই জনোৱা মতে, ২০২৫ চনৰ ১৯ ফেব্রুৱাৰীৰ পৰা ৯ মার্চ পর্যন্ত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফী৷ শ্রেষ্ঠ ৮টা দলে এদিনীয়া ক্রিকেটৰ এই প্রতিযোগিতাখনত অংশগ্রহণ কৰিব৷ অৱশ্যে এতিয়াও চেম্পিয়নছ ট্রফীৰ দিন চূড়ান্ত হোৱা নাই৷ প্রস্তাৱ হিচাপে অহা বছৰৰ ১৯ ফেব্রুৱাৰীৰ পৰা ৯ মার্চলৈ প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি হাতত লোৱা হৈছে৷ আইচিচিৰ ব’ৰ্ড সদস্যৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে প্রতিযোগিতাখন পাকিস্তানতে অনুষ্ঠিত হ’ব বুলি জনাইছে আইচিচিয়ে৷ ফলত ভাৰতৰ অংশগ্রহণক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ৷

You might also like