এছচিঅ’ৰ বৈঠকত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মোদীৰ সন্ত্ৰাসবাদ সন্দৰ্ভত কঠোৰ বাৰ্তা
বিশেষ বাৰ্তা, ৪ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ত্ৰাসবাদক আঞ্চলিক আৰু বিশ্ব শান্তিৰ বাবে এক বৃহৎ ভাবুকি বুলি অভিহিত কৰি পাকিস্তানৰ নাম নোলোৱাকৈ কয় যে কিছুমান দেশে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক নিজৰ নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে। চাংহাই সহযোগিতা সংস্থা (SCO)ই এনে দেশক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা উচিত নহয়। চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আদিৰ উপস্থিতিত ভাৰ্চুৱেলী ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে বৰ্তমান বিশ্বৰ পৰিস্থিতি গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। বিবাদ, উত্তেজনা আৰু মহামাৰীৰে আগুৰি থকা পৃথিৱীখনত খাদ্য, ইন্ধনৰ সংকট সকলো দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। সন্ত্ৰাসবাদক আঞ্চলিক আৰু বিশ্ব শান্তিৰ বাবে এক বৃহৎ ভাবুকি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন। তেওঁ কয় যে সন্ত্ৰাসবাদ যিকোনো ৰূপত হ’ব পাৰে, আমি ইয়াৰ বিৰুদ্ধে একেলগে যুঁজিব লাগিব। আফগানিস্তানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আফগানিস্তান সন্দৰ্ভত ভাৰতৰ উদ্বেগ আৰু আশা এছ চি অ’ৰ বেছিভাগ দেশৰ দৰেই। আফগানিস্তানৰ জনসাধাৰণৰ কল্যাণৰ বাবে আমি যৌথ প্ৰচেষ্টা চলাব লাগিব। তেওঁ কয় যে ভাৰত আৰু আফগানিস্তানৰ জনসাধাৰণৰ মাজত শতিকা পুৰণি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু যোৱা দুটা দশকত আমি আফগানিস্তানৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাইছোঁ।