নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিলায়েন্স জিঅ’ৰ ৯৯৯ টকাত ৪ জি ফোন, ১২৩ টকাত এমাহ

বিশেষ বাৰ্তা, ৪ জুলাই : ২জিমুক্ত ভাৰতৰ পোষকতা কৰি আটাইতকৈ কম দামত ৰিলায়েন্স জিঅ’ই মুকলি কৰিলে ৪জি ফোন। ফোনবিধ হৈছে ‘জিঅ’ ভাৰত ভি২’। ‘জিঅ’ ভাৰত ভি২’ৰ দাম ৯৯৯ টকা ধাৰ্য কৰা হৈছে। কোৱা হৈছে যে কোম্পানীটোৱে ভাৰতৰ প্ৰায় ২৫ কোটি ২জি গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখি এই ফোনটো মুকলি কৰিছে। কোম্পানীটোৱে বিশ্বাস কৰে যে এই গ্ৰাহকসকল বৰ্তমান এয়াৰটেল বা ভোডাফোন-আইডিয়াৰ দৰে কোম্পানীৰ সৈতে সংযুক্ত, যিহেতু ৰিলায়েন্স জিঅ’ই কেৱল ৪জি আৰু ৫জি নেটৱৰ্কহে চলায়। ৰিলায়েন্স জিঅ’ই দাবী কৰিছে যে কোম্পানীটোৱে শীঘ্ৰে ‘জিঅ’ ভাৰত ভি ২’ৰ জৰিয়তে ১০ কোটিৰো অধিক গ্ৰাহকক জিঅ’ৰে সংযোজন কৰিব। লগতে ইণ্টাৰনেট চলোৱা বজাৰত উপলব্ধ সকলো ফোনৰ ভিতৰত ‘জিঅ’ ভাৰত ভি২’ৰ দাম আটাইতকৈ কম বুলি কোম্পানীটোৱে দাবী কৰিছে। ৯৯৯ টকাত উপলব্ধ ‘জিঅ’ ভাৰত ভি২’ৰ মাহিলি প্লেনো কম দামত উপলব্ধ হ’ব। ২৮ দিনৰ বৈধতা থকা প্লেনৰ বাবে গ্ৰাহকে ১২৩ টকা দিব লাগিব। লগতে ‘জিঅ’ ভাৰত ভি২’ৰ বাৰ্ষিক প্লেনো আছে, যাৰ বাবে গ্ৰাহকে ১২৩৪ টকা দিব লাগিব। ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে ৰাজহুৱা মঞ্চৰ পৰা ২জিমুক্ত ভাৰতৰ পোষকতা কৰি আহিছে। কোম্পানীটোৱে ২৫ কোটি ২জি গ্ৰাহকক ৪জিলৈ আনিবলৈ ‘জিঅ’ ভাৰত’ প্লেটফৰ্ম মুকলি কৰিছে। ৭ জুলাইৰ পৰা ‘জিঅ’ ভাৰত ভি২’ৰ বিটা ট্ৰায়েল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে কোম্পানীটোৱে।

You might also like