নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়া টিভিৰ ‘আপ কী আদালত’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বিশেষ বাৰ্তা, ২৮ মেঃ কালি ইণ্ডিয়া টিভিৰ জনপ্রিয় অনুষ্ঠান ‘আপ কী আদালত’ত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ শর্মাই কয় যে অহা ১৫–২০ বছৰৰ ভিতৰত দেশৰ প্রতিগৰাকী মুছলমান মহিলাই বিজেপিক ভোট দিব৷ বিজেপি চৰকাৰে ইতিমধ্যে তিনি তালাক বন্ধ কৰিছে৷ বহু বিবাহো বন্ধ কৰা হ’ব৷ তদুপৰি ইউনিফর্ম ছিভিল ক’ড আহিলে প্রতিগৰাকী মুছলমান মহিলা ভোটাৰে বিজেপিকেই ভোট দিব৷ মুছলমান মহিলা ভোটাৰসকলে কেৱল বিজেপিকেই ভোট দিব৷ সেইদৰে অসমত মাদ্রাছা বন্ধ কৰি বর্তমানৰ ৰাজ্য চৰকাৰখনে মুছলমান সম্প্রদায়ৰ মাজত প্রগতিশীল ব্যৱস্থা গঢ়ি তোলাৰ চেষ্টা কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মুছলমান ল’ৰা–ছোৱালীসকলে আধুনিক শিক্ষাৰে শিক্ষিত হোৱাটো বিচাৰিছে৷ আধুনিক শিক্ষাৰে শিক্ষিত হৈ মুছলমান ল’ৰা–ছোৱালীসকলো চিকিৎসক, অভিযন্তা যাতে হ’ব পাৰে তাৰ বাবে মুছলমান সমাজৰ মাজত প্রগতিশীল ব্যৱস্থা গঢ়াৰ প্রয়াস কৰিছে৷ আনহাতে কংগ্রেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৫৫ বছৰ বয়সলৈ পৰিপক্ক হ’বলৈ কোন বাকী থাকে? পৰিপক্ক হওতেই যদি ৫৫ বছৰ লাগে, কাম কেতিয়া কৰিব? এতিয়া মোৰ ল’ৰাৰহে পৰিপক্ক হোৱাৰ সময়৷ সনাতন হিচাপ অনুসৰি মোৰ এতিয়া বানপ্রস্থৰ সময়৷ ৰাহুল গান্ধীক পৰিপক্ক হ’বলৈ ৫৫ বছৰ দিয়াৰ বাবে কংগ্রেছ নেত্রী ছোনিয়া গান্ধীক প্রণাম, নমস্কাৰ জনাইছোঁ৷ এই প্রসংগতে ৰাহুল গান্ধীৰ কুকুৰটোৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীয়ে এবাৰ তেওঁৰ লগতে সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈ, তেতিয়াৰ প্রদেশ কংগ্রেছৰ সভাপতি অঞ্জন দত্ত, প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক চি পি যোশীক এখন বৈঠকলৈ মাতিছিল৷ ৰাহুল গান্ধীৰ বাসভৱনত অনুষ্ঠিত বৈঠকখনত তেওঁলোকক চাহ–বিস্কুট খাবলৈ দিয়া হৈছিল৷ বৈঠকখন আৰম্ভ হোৱাৰ ৫ মিনিট পাছতেই কোঠাটোলৈ ৰাহুল গান্ধীৰ কুকুৰটো সোমাই আহে আৰু টেবুলত তেওঁলোকলৈ আগবঢ়োৱা বিস্কুট খাবলৈ আৰম্ভ কৰে৷ সেই সময়ত মই লক্ষ্য কৰিলোঁ– আন তিনিজনে কুকুৰটোৰ সৈতে একেলগে চাহ–বিস্কুট খালে৷ মই যিহেতু প্রথমবাৰৰ বাবে ৰাহুল গান্ধীৰ ঘৰলৈ গৈছিলোঁ সেয়ে মই অনুভৱ কৰিলোঁ এয়া হয়তো তেওঁলোকৰ সংস্কৃতি, কুকুৰটোৰ সৈতে একেলগে খোৱাটো৷ কিন্তু মই তেনে আচৰণ কৰিব নোৱাৰিলোঁ৷ মই তেনেদৰে খাব নোৱাৰোঁ৷ মই সিদ্ধান্ত ল’লো– মই আৰু তালৈ নাযাওঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আমি এটা পৰিয়ালৰ অনুগত হ’বলৈ কংগ্রেছ দলত যোগদান কৰা নাছিলোঁ৷ ৰাহুল গান্ধী দলৰ এজন সতীর্থহে আছিল৷ আনে ৰাহুল গান্ধীৰ পৰা সঁহাৰি বিচাৰিব পাৰে৷ আনুগত্যক লৈ আন কংগ্রেছীৰ মনত কি আছে, মই নাজানোঁ৷ কিন্তু মোৰ মতে, আনুগত্য এটা পৰিয়ালৰ প্রতি নহয়৷ মোৰ আনুগত্য জাতিৰ প্রতি৷ মহাত্মা গান্ধীৰ নামটো তেওঁলোকে হাজেক কৰিছে৷ আজিৰ তাৰিখত ছোনিয়া আৰু ৰাহুলৰ নামৰ পৰা গান্ধী উপাধি কর্তন কৰিলে কি থাকিব? গান্ধী পৰিয়াল মহাত্মা গান্ধীৰ পৰিয়ালৰ নহয়৷ মই ৰাহুল গান্ধীক শৈশৱৰ পৰাই জানোঁ৷ মই ৰাহুল গান্ধীৰ মেধাক লৈ কেতিয়াও আকর্ষিত হোৱা নাই৷ মই যেতিয়া কংগ্রেছত আছিলোঁ, ছোনিয়া গান্ধীক নিয়মিত দেখা কৰিছিলোঁ৷ মই ৰাহুল গান্ধীক লগ কৰা নাছিলোঁ৷ কাৰণ ৰাহুল গান্ধীৰ মেধা, কাম–কাজ, যুক্তি আৰু ৰাজহুৱা ক্ষেত্রত তেওঁৰ সক্ষমতাই মোক আকর্ষিত কৰা নাছিল৷ যিয়ে নিজৰ জীৱনত কেতিয়াও সংগ্রাম কৰি পোৱা নাই, তেওঁ কেতিয়াও ভাৰতৰ দৰে দেশৰ নেতা হ’ব নোৱাৰে৷ আনহাতে কর্ণাটকৰ নৱগঠিত কংগ্রেছ চৰকাৰখনে ৫ বছৰীয়া কার্যকাল সম্পূর্ণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৪ চনৰ লোকসভা নির্বাচনৰ পাছত কর্ণাটকৰ কংগ্রেছ চৰকাৰৰ পতন ঘটিব৷ সেইদৰে আসন্ন লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি সকলো বিজেপিবিৰোধী ৰাজনৈতিক দল ঐক্যৱদ্ধ হ’লেও বিজেপি ক্ষতিগ্রস্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমি এতিয়া মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে শপত গ্রহণ কৰাক লৈহে ব্যস্ত৷ আসন্ন লোকসভা নির্বাচনত ৩০০ৰো অধিক আসন লাভ কৰি বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠন কৰিব আৰু মোদী তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হ’ব৷ মানুহে বিচাৰিছে ভাৰতৰ গৌৰৱ–গৰিমা আৰু বৃদ্ধি হওক৷ মোদীৰ নেতৃত্বত ভাৰতৰ গৌৰৱ–গৰিমা বৃদ্ধি হৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী মোদীক কি কৈছে, অষ্ট্রেলিয়াত কি হৈছে, সকলোৱে দেখিছে৷ সেয়ে প্রত্যেক মুহূর্ততে মোদীৰ কল্যাণৰ বাবে প্রত্যেকে প্রার্থনা কৰক৷ তেতিয়া ভাৰতৰ গৌৰৱ–গৰিমা আৰু বৃদ্ধি হ’ব৷ ইপিনে নতুন সংসদ ভৱন উদ্বোধন অনুষ্ঠানত ৰাষ্ট্রপতিক আমন্ত্রণ নকৰাক লৈ কংগ্রেছে কৰা সমালোচনা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিষয়টো ৰাষ্ট্রপতি, প্রধানমন্ত্রীক লৈ হোৱা নাই৷ বিষয়টো হৈছে গান্ধী পৰিয়ালৰ বাহিৰৰ লোকে নতুন সংসদ ভৱন উদ্বোধন কৰাটো তেওঁলোকৰ মনে বিচৰা নাই৷ কংগ্রেছ শাসনত থকা সময়ত নতুন সংসদ ভৱন উদ্বোধন হোৱা হ’লেও সেয়া ড০ মনমোহন সিঙৰ পৰিৱর্তে ছোনিয়া গান্ধীয়ে কৰিলেহেঁতেন৷ ছত্তিশগড় বিধানসভা ভৱন উদ্বোধন কৰিছিল ছোনিয়া গান্ধীয়ে৷ তামিলনাডু বিধানসভা ভৱন উদ্ভাৱন কৰিছিল ছোনিয়া গান্ধীয়ে৷ অসম বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল তৰুণ গগৈয়ে, সেই অনুষ্ঠানত কিন্তু ৰাজ্যপালক মতা হোৱা নাছিল৷ কংগ্রেছৰ শাসনকালত ৰাষ্ট্রপতিসকলক কেনেদৰে গুৰুত্ব দিছিল, সেই বিষয়ে উনুকিয়াই ড০ শর্মাই কয় যে জাইল সিঙৰ ক্ষেত্রত কংগ্রেছে কি কৰিছিল? ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদক জৰুৰীকালীন অৱস্থা ঘোষণাৰ ক্ষেত্রত কংগ্রেছে হেঁচা দিছিল৷ এইবাৰ ৰাষ্ট্রপতি নির্বাচনত আদিবাসী সম্প্রদায়ৰ দ্রৌপদী মূর্মুক যেতিয়া প্রার্থী হিচাপে থিয় কৰাইছিল, তেতিয়া এনডিএৰ তৰফৰ পৰা আটাইৰে সমর্থন বিচাৰিছিল৷ কিন্তু আদিবাসী মহিলাগৰাকীক সমর্থন কৰাৰ পৰিৱর্তে কংগ্রেছে যশোৱন্ত সিনহাক প্রক্ষেপ কৰিছিল৷ এপিজে আব্দুল কালামৰ ক্ষেত্রতো কংগ্রেছে কিমান সন্মান প্রদর্শন কৰিছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রশ্ন কৰে৷

You might also like