নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলত এবছৰঃ প্ৰস্তুতি কানাডাৰ বিজ্ঞানীৰ

🟢 হিউষ্টনত মঙলৰ আর্হিত গঢ়ি তোলা স্থানত অনুশীলন চলাব কেলি হাষ্টনসহ ৫জনে

বিশেষ বাৰ্তা, ২৮ মেঃ ৰঙাগ্রহ মঙললৈ চলাবলগীয়া অভিযানত অংশগ্রহণ কৰিব কানাডাৰ বাসিন্দা কেলি হাষ্টনে ৷ হাষ্টন পেছাত এগৰাকী জীৱবিজ্ঞানী ৷ মঙল অভিযানত অংশগ্রহণৰ বাবে পৃথিৱীতো এবছৰ ‘মঙল’ত থাকিব হাষ্টন ! জুনৰ শেষভাগত কেলিসহ ৫গৰাকীক টেক্সাছৰ হিউষ্টনৰ এক স্থানত ৰখা হ’ব ৷ এই স্থান মঙল গ্রহৰ আর্হিত প্রস্তুত কৰা হৈছে ৷ এই স্থানৰ পৰিৱেশ আৰু জলবায়ুও মঙল গ্রহৰ দৰে ৷ আগন্তুক এবছৰৰ বাবে এই বিশেষ স্থান হ’ব কেলিসহ অভিযানত অংশগ্রহণ কৰিবলগীয়া ৫গৰাকীৰ ‘ঘৰ’ ৷ ৫২ বছৰীয়া কেলিয়ে সংবাদ সংস্থা এএফপিক কয় যে মঙলত থকাৰ অনুভূতি দিয়া হ’ব হিউষ্টনত বিশেষভাৱে নির্মিত এই ঘৰত ৷ শৈশৱত কোনোদিনে মঙললৈ যোৱাৰ স্বপ্ন দেখা নাছিল কেলিয়ে ৷ কিন্তু দীর্ঘদিন ৰঙা গ্রহটোত থকাৰ প্রস্তুতি চলাবলৈ দীর্ঘ অনুশীলন চলাবলৈ কেলি সন্মত হৈছে ৷ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, মঙল গ্রহৰ পৰিৱেশৰ আর্হিত প্রস্তুত কৰা এই স্থান দীর্ঘম্যাদী কেইবাটাও পৰীক্ষাৰ অংশ ৷ ভৱিষ্যতে বাস্তৱৰ মঙল অভিযানৰ পূর্বে এই পৰীক্ষাবোৰ সফল হোৱাটো অত্যন্ত জৰুৰী ৷ এই নতুন স্থানৰ নাম ৰখা হৈছে ‘মার্ছ ডুন আলফা’ ৷

You might also like