নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৎপৰ ‘নিয়া’ : খালিস্তানীৰ সন্ধানত ৪৮ স্থানত অভিযান

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পর্কই সর্বকালৰ চৰম অৱনতি ঘটাৰ পাছতে খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে নতুন দিল্লীয়ে৷ ভাৰতৰ পৰা পলাই গৈ বিদেশত আশ্রয় গ্রহণ কৰি খালিস্তানী আন্দোলন চলাই থকা খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ ভাৰত চৰকাৰে পলাতক সন্ত্রাসবাদীৰ ভাৰতৰ ভূমিত থকা সম্পত্তি বাজেয়াপ্তৰ অভিযান চলাই আছে৷ ‘শিখছ ফৰ জাষ্টিচ’ৰ মুৰব্বী গুৰপটৱন্ত সিং পান্নুনৰ পঞ্জাবস্থিত সম্পত্তি বাজেয়াপ্ত কৰাৰ পাছত পলাতক ১৯ খালিস্তানী সন্ত্রাসবাদীৰ সম্পত্তি বাজেয়াপ্তৰ প্রস্তুতি চলাই আছে ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ ‘নিয়া’ই৷ ‘নিয়া’ৰ সহযোগতে কালি পঞ্জাব আৰক্ষীয়ে খালিস্তানী নিষিদ্ধ সংগঠন বাবৰ খালছা ইণ্টাৰনেচনেল (বিকেআই)ৰ নেতা লখবীৰ সিং সান্ধু ওৰফে লাণ্ডাৰ সহযোগীৰ বিৰুদ্ধে ফিৰোজপুৰত অভিযান চলাইছে৷ পঞ্জাব আৰক্ষীৰ ফিৰোজপুৰ আৰক্ষী থানাই কালি বিকেআইৰ নেতা লাণ্ডাৰ সহযোগীৰ বিৰুদ্ধে ফিৰোজপুৰত ৪৮ স্থানত তালাচী অভিযান চলাইছে৷ লাণ্ডাৰ সহযোগীৰ বিৰুদ্ধে অভিযান চলাই ফিৰোজপুৰ আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰিছে৷ বাতৰি যুগুতোৱা পৰলৈকে ফিৰোজপুৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে৷ ইপিনে, গেংষ্টাৰ লৰেঞ্চ বিষ্ণই খালিস্তানী আন্দোলনত জড়িত থকাৰ গোপনীয় তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে নিয়াই৷ কানাডাত খালিস্তানী সন্ত্রাসবাদী সুখদুল সিং ওৰফে সুখা দুনেকেক গেংষ্টাৰ লৰেঞ্চ বিষ্ণই গোটে হত্যা কৰা বুলি স্বীকাৰোক্তি প্রদান কৰাৰ পাছতে এই হত্যাকাণ্ডক লৈ নিয়াই গুৰুত্ব প্রদান কৰি গেংষ্টাৰ বিষ্ণইৰ বিৰুদ্ধে তদন্ত ক্ষিপ্রতৰ কৰি তোলে৷ এই তদন্তৰ সময়তে নিয়াই ভাৰত, থাইলেণ্ড আৰু কানাডাত খালিস্তানী আন্দোলনত পুঁজি যোগান ধৰাত অন্যতম প্রধান ভূমিকা লৰেঞ্চ বিষ্ণয়ে গ্রহণ কৰি আছে বুলি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰত, থাইলেণ্ড আৰু কানাডাত লৰেঞ্চ বিষ্ণই গোটে ধনদাবী, অপহৰণ, অবৈধ ধনৰ লেনদেন আদিৰ জৰিয়তে খালিস্তানী আন্দোলনত পুঁজি যোগান ধৰি আহিছে৷ পঞ্জাব, হাৰিয়ানা, দিল্লী, ৰাজস্থান আৰু আন ৰাজ্যৰ ব্যৱসায়ী আৰু সুৰা মহলদাৰৰ পৰা ধনদাবী কৰি সেই ধন ভাৰতকে ধৰি বিদেশত খালিস্তানী আন্দোলনত যোগান ধৰি আহিছে৷ বিষ্ণইৰ সহযোগী মনীষ ভাণ্ডাৰী নামৰ গেংষ্টাৰজনে সম্প্রতি থাইলেণ্ডত থাকি দেখাত হোটেল ব্যৱসায় চলাই খালিস্তানী আন্দোলনৰ বাবে ধন সংগ্রহ কৰি বিষ্ণইলৈ প্রেৰণ কৰে৷ কানাডাত থকা সৎবৰ সিং ওৰফে শ্যাম আৰু ব্রাৰে মানী লণ্ডাৰিঙৰ জৰিয়তে খালিস্তানী সন্ত্রাসবাদীক ধন যোগান ধৰে৷ শ্যাম আৰু ব্রাৰ হৈছে গেংষ্টাৰ লৰেঞ্চ বিষ্ণইৰ ঘনিষ্ঠ৷ নিয়াৰ তথ্য মতে, খালিস্তানী সন্ত্রাসবাদীয়ে কানাডিয়ান প্রিমিয়াৰ লীগ, চলচ্চিত্র নির্মাণ আৰু বাৰৰ সৈতে জড়িত হৈ আছে৷ এই ধন গেংষ্টাৰ বিষ্ণই গোটে যোগান ধৰে৷ নিয়াই আদালতত দাখিল কৰা অভিযোগনামা মতে ২০১৯ চনৰ পৰা ২০২১ চনলৈকে থাইলেণ্ডৰ পৰা কানাডালৈ ১৩বাৰ বৃহৎ পৰিমাণৰ ধন মানী লণ্ডাৰিঙৰ জৰিয়তে প্রেৰণ কৰিছে৷ গেংষ্টাৰ লৰেঞ্চ বিষ্ণইৰ জৰিয়তে নিয়াই পলাতক খালিস্তানী সন্ত্রাসবাদীৰ ক্ষেত্রত বিতং তথ্য লাভ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

You might also like