নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃত বৃক্ষ আন্দোলন

ৰাজপথত হকে–বিহকে আন্দোলন কৰা লোকৰ অভাৱ নাই৷ অসম বন্ধ, জিলা বন্ধ, পথ অৱৰোধ, ধর্ণা আদি প্রতিবাদী কার্যসূচীয়ে বিগত চাৰিটা দশকত ৰাজপথ উত্তাল কৰি ৰাখিছিল৷ এনে প্রতিবাদৰ নেতৃত্ব বহন কৰিছিল ৰাজ্যখনৰ ৰাজনৈতিক দল–সংগঠনসমূহে৷ ইয়াৰ মাজতে একাংশ আন্দোলনজীৱী নেতা–পালিনেতাৰো জন্ম হৈছে ৰাজ্যখনত৷ ৰাজপথৰ আন্দোলনৰ বিপৰীতে এইবাৰ অসমত আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন৷ সেউজ অসমৰ পৰিৱেশ সংৰক্ষণৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ১০ দিনীয়া কার্যসূচীৰে সফলতাৰে সমাপ্ত হোৱা অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে নটা বিশ্ব অভিলেখ স্থাপন কৰা হৈছে৷ এক ইতিবাচক ইতিহাস গঢ়াৰ লক্ষ্যৰে অসমবাসীয়ে ৰাজ্য চৰকাৰৰ আহ্বানত প্রদান কৰা সঁহাৰি আছিল অভূতপূর্ব৷ ৯ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ চলা অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমৰ সেউজ পৰিৱেশত প্রভূত অৰিহণা যোগোৱাৰ লগতে মূল্যৱান বৃক্ষৰ জৰিয়তে ৰাজ্যবাসী লাভৱান হোৱাৰ আশা আছে৷ ১৭ ছেপ্টেম্বৰত একেদিনাই ১ কোটি গছপুলি ৰোপণ কৰি অসমবাসীয়ে নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ একেলগে শিৱসাগৰৰ গেলেকীত ৫৮ ছেকেণ্ডত ১,২২৯টা গছপুলি ৰোপণ কৰি অন্য এক অভিলেখ গঢ়া হৈছে৷ অমৃত বৃক্ষ আন্দোলনত বিভিন্ন চৰকাৰী বিভাগত বিষয়া–কর্মচাৰীৰ উপৰি ৰাজ্যখনৰ ৭০ লাখ লোকৰ প্রত্যক্ষ অংশগ্রহণ অতিকৈ লক্ষণীয়৷ ইয়াৰ ভিতৰত অসমৰ আত্মসহায়ক গোটসমূহৰ লগতে শিক্ষার্থীসকলো প্রত্যক্ষভাৱে জড়িত হৈছে৷ গছৰ প্রতি মৰম আৰু পৰিৱেশ সচেতনতা বৃদ্ধিৰ ক্ষেত্রত নিশ্চিতভাৱে অমৃত বৃক্ষ আন্দোলনে ৰাজ্যখনতেই নহয়, সমগ্র দেশতে চর্চিত হৈছে৷ ইমানদিনে অসমখন এক আন্দোলনমুখৰ ৰাজ্যৰূপে পৰিগণিত হৈছিল৷ ইয়াৰ বাবে ঔদ্যোগিকীকৰণকে ধৰি পর্যটন ক্ষেত্রখন বিশেষভাৱে ক্ষতিগ্রস্ত হৈছিল৷ অসমৰ পর্যটন ক্ষেত্রখন উজ্জীৱিত কৰিবলৈ হ’লে ইয়াৰ প্রাকৃতিক সৌন্দর্য আৰু মনোমোহা সেউজ পৰিৱেশ সুৰক্ষিত কৰিবই লাগিব৷ বিগত সময়ছোৱাত সর্বসাধাৰণ ৰাইজৰ মাজত পাৰিপার্শ্বিক সুৰক্ষাৰ প্রতি জনসচেতনতা বহু পৰিমাণে বৃদ্ধি পাইছে৷ গছপুলি ৰোপণৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰাৰ প্রতিও দায়বদ্ধতা বাঢ়িছে৷ বিভিন্ন অনুষ্ঠানৰ স’তে গছপুলি ৰোপণ এক কার্যসূচী হিচাপে গ্রহণ কৰাও দেখা গৈছে৷ কিন্তু গছপুলি ৰোপণৰ জৰিয়তে ৰাজ্যখনত সেউজ পৰিৱেশ গঢ়াৰ ক্ষেত্রত সর্বসাধাৰণ ৰাইজক জড়িত কৰাৰ ক্ষেত্রত অমৃত বৃক্ষ আন্দোলনে নতুন মাত্রা বহন কৰিলে৷
ৰাজ্যখনত প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰি সেউজ পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হ’লে অমৃত বৃক্ষ আন্দোলনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব লাগিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে আগন্তুক দিনবোৰত অধিক দায়িত্ব বহন কৰিব লাগিব৷ বিশেষকৈ ৰোপণ কৰা গছপুলিসমূহ বৃক্ষত পৰিণত নহ’লে অমৃত বৃক্ষ আন্দোলনৰ প্রকৃত উদ্দেশ্য সফল নহ’ব৷ ইতিমধ্যে ৰোপণ হোৱা গছপুলিসমূহ তিনি বছৰলৈ জীয়াই ৰখাৰ ৰাজ্য চৰকাৰে এলানি পদক্ষেপ লৈছে৷ এনে পদক্ষেপৰ বাবে হয়তো গছপুলিসমূহৰ অধিকাংশই জীয়াই থাকিব৷ ৰাইজৰ মাজত সচেতনতা অবিহনে সেউজ অসম গঢ়া সম্ভৱ নহয়৷ বন বিভাগে প্রতি বছৰে বিভিন্ন আঁচনিৰ অধীনত গছপুলি ৰোপণ কৰে৷ সামাজিক বনানীকৰণৰ অধীনত বছৰ বছৰ ধৰি ৰোপণ কৰা অধিকাংশ গছপুলিৰ অস্তিত্ব নাই৷ উপযুক্ত সংৰক্ষণ আৰু প্রতিপালনৰ অভাৱতে বন বিভাগে ৰোপণ কৰা গছপুলিসমূহ বৃক্ষৰ ৰূপ ল’বলৈ সক্ষম নহয়৷ ইয়াৰ উপৰি জনসচেতনতাৰ অভাৱতো চৰকাৰীভাৱে ৰোপণ কৰা গছপুলিসমূহ ধ্বংস হয়৷ বনাঞ্চলৰ ভূমিত বেদখলৰ বাবেও গছ–গছনি ধ্বংস হৈছে৷ চোৰাং কাঠ ব্যৱসায়ীৰ কবলত ৰাজ্যখনৰ বনাঞ্চলসমূহ তহিলং হৈছে৷ এনে দুষ্কার্যত বিভাগীয় একাংশ বিষয়া–কর্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ একেদৰে উন্নয়নমূলক কাম–কাজৰ বাবেও নিতৌ প্রকৃতি ধ্বংসৰ ঘটনা সংঘটিত হৈছে৷ ৰাজপথ নির্মাণ, ৰাষ্ট্রীয় পথ সম্প্রসাৰণ, বিভিন্ন প্রকল্প নির্মাণৰ নামত বছৰি লাখ লাখ গছ কটা হৈছে৷ উন্নয়ন এক স্বাভাৱিক প্রক্রিয়া৷ দেশ বা ৰাজ্যৰ উন্নয়ন, জনগণৰ সামূহিক স্বার্থত গছ কটা ঘটনা সংঘটিত হ’ব পাৰে৷ কিন্তু উন্নয়নৰ গতিয়ে যাতে প্রাকৃতিক ভাৰসাম্য বিঘ্ণিত কৰিব নোৱাৰে, তাৰ বাবে এডাল বৃক্ষৰ বিপৰীতে কমেও ১০টা গছপুলি ৰোপণ আৰু চাৰি–পাঁচ বছৰলৈ ইয়াৰ প্রতিপালনত সংশ্লিষ্ট বিভাগসমূহে দায়িত্ব গ্রহণ কৰিব লাগিব৷ এনে ব্যৱস্থাৰ জৰিয়তেহে ৰাজ্যখনৰ সেউজ পৰিৱেশ সুৰক্ষাৰ লগতে প্রাকৃতিক ভাৰসাম্য ৰক্ষা হ’ব৷ গছপুলি ৰোপণ আৰু ইয়াৰ প্রতিপালনত ৰাজ্যখনৰ মহিলা আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক জড়িত কৰিলে অমৃত বৃক্ষ আন্দোলন অধিক ফলদায়ক হোৱাৰ সম্ভাৱনা আছে৷

You might also like