নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক স্বাধীনতা সুৰক্ষিত কৰাৰ যুঁজলৈ স্বীকৃতিঃ শান্তিৰ নোবেল বঁটা লাভ কৰিলে দুই সাংবাদিকে

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছে দুজন সাংবাদিক মাৰিয়া ৰেছা (Maria Ressa) আৰু দিমিত্রি মুৰাটভে (Dmitry Muratov)। শুকুৰবাৰে নৰৱেৰ ৰাজধানী অছলোৰ পৰা নোবেল (Nobel)সমিতিয়ে ঘোষণা কৰে তেওঁলোকৰ নাম। ফিলিপাইনছৰ নাগৰিক মাৰিয়া আৰু ৰাছিয়াৰ নাগৰিক দিমিত্ৰীলৈ এই বঁটা আগবঢ়োৱা সন্দৰ্ভত নোবেল কমিটিয়ে কয় যে গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ পূর্বচর্ত হিচাপে বাক-স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত তেওঁলোকৰ অগ্রণী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। পুৰষ্কাৰৰ ধনৰাশি সমানে দুভাগত বিভক্ত কৰা হ’ব।

উল্লেখ্য যে ১৯৬৩ চনৰ ২ অক্টোবৰত ফিলিপাইনছৰ মানিলাত জন্ম হৈছিল মাৰিয়া ৰেছাৰ। তেওঁ সংবাদ ৱেবছাইট Rappler-ৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ এই ৱেবছাইটটোৰ যুটীয়া প্ৰতিষ্ঠাপক। ইয়াৰ পূৰ্বে প্ৰায় দুটা দশক ধৰি চিএনএনত কাম কৰিছিল মাৰিয়াই।

দিমিত্রি মুৰাটভৰ জন্ম ১৯৬১ চনত ৰাছিয়াৰ চামাৰাত হৈছিল। তেওঁ নোভায়া গেজেটিয়া বাতৰি কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক। ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈ এই বাতৰি কাকতখন সম্পাদনা কৰিছিল মুৰাটভে।

You might also like