নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পাতাল’ত লুকাল নেকি অভিযুক্ত আৰক্ষী দম্পতী? এমাহেও দুর্ভগীয়া চিপি ভেংৰাৰ হত্যাত অভিযুক্ত ৰাজীৱ–নুৰূপাক বিচাৰি নাপালে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ তেজপুৰৰ বনকৰা যুৱতী চিপি ভেংৰাৰ মৃত্যুৱে অতিক্রম কৰিলে এটা মাহ৷ কিন্তু আজিও গ্রেপ্তাৰ নহ’ল অভিযুক্ত আৰক্ষী দম্পত্তী অনুৰূপা শইকীয়া আৰু ৰাজীৱ বৰা ৷ সুদীর্ঘ ৩০ টাকৈ দিন স্মার্ট আৰক্ষীৰ চকুত ধূলি দি ক’ত, কেনেকৈ আত্মগোপন কৰি আছে স্বয়ং এই বর্বৰ আৰক্ষী স্বামী–স্ত্রী ৷

এটা মাহ পাৰ হোৱাৰ পিছতো কিয় গ্রেপ্তাৰ হোৱা নাই এই হাল অভিযুক্ত আৰক্ষী দম্পত্তী সেই প্রশ্নই এতিয়া বিবুধিত পেলাইছে সকলোকে৷ ন্যায়ৰ দাবীত সৰৱ হৈ থকা সকলৰ প্রশ্ন–পাতালত লুকাল নেকি এই অভিযুক্ত স্বামী–স্ত্রী? উল্লেখ যোগ্য যে যোৱা ৫ ছেপ্টেম্বৰত অস্বাভাৱিক মৃত্যুক সাবতি লৈছিল তেজপুৰৰ দৰিদ্র পৰিয়ালৰ জীয়ৰী চিপি ভেংৰাই৷

জানিব পৰা মতে বিগত প্রায় চাৰি বছৰ ধৰি এই চিপি ভেংৰা বন কৰা যুৱতী হিচাপে আছিল দেৰগাঁও থানাৰ মহিলা কনিষ্ঠবল অনুৰূপা শইকীয়াৰ ভাৰাঘৰত৷ এই খিনি সময়ৰ ভিতৰত অকথ্য নির্যাতনৰ বলী হোৱা কিশোৰীগৰাকীক তেওঁৰ ঘৰলৈও যাব দিয়া হোৱা নাছিল৷ মাথোঁ মৃত্যুৰ কেইদিনমানৰ পূর্বে তেজপুৰৰ পৰিয়ালৰ লোকক গুৰুতৰভাৱে অসুষ্ঠ অৱস্থাত চিপিক গটাই দিছিল অনুৰূপা আৰু তেজপুৰ সদৰ থানাত কর্মৰত অপুৰূপাৰ স্বামী ৰাজীৱ বৰাই৷ কিন্তু তাৰ পিছতে হঠাৎ চিকিৎসালয়ত মৃত্যু হৈছিল চিপি ভেংৰাৰ৷

ভৰি, কঁকাল ভঙা অৱস্থাত মৃত্যুক সাৱতি লোৱা কিশোৰীগৰাকীক মৃত্যুৰ পূর্বে চৰম নির্যাতন চলোৱা হৈছিল বুলি মন্তব্য কৰিছিল খোদ তেজপুৰৰ এগৰাকী তদন্তকাৰী দণ্ডাধীশে৷ ইয়াৰ পাছত এই ঘটনা যে এক নাৰকীয় হত্যাকাণ্ড এই ক্ষেত্রত সন্দেহৰ কোনে অৱকাশ নাই৷ কিশোৰীগৰাকীৰ এই অকাল মৃত্যুৰ পিছতে চিপিৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰক্ষী দম্পত্তী অনুৰূপা আৰু ৰাজীৱৰ বিৰুদ্ধে৷ কিন্তু সেইদিন ধৰি আজি পর্যন্ত সন্ধান নাই অভিযুক্ত আৰক্ষী স্বামী–স্ত্রীৰ৷ এই চাঞ্চল্যজনক ঘটনাই এমাহ অতিক্রম কৰাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই অভিযুক্তৰ৷ স্বয়ং আৰক্ষীয়ে আৰক্ষীৰ সন্ধান উলিয়াব নোৱাৰা ঘটনাক সহজভাৱে ল’ব পৰা নাই সচেতন মহলে৷

ঘটনাই এটা মাহ অতিক্রম কৰাৰ পিছতো দেৰগাঁও আৰক্ষী সংবাদ মাধ্যমৰ সন্মুখীন হ’ব নিবিচৰা ঘটনাও আচৰিত কৰি তুলিছে সকলোকে৷ এইহাল আৰক্ষী দম্পত্তীক অচিৰেই গ্রেপ্তাৰৰ দাবীত ছাত্র মুক্তি সংগ্রাম সমিতিয়ে দেৰগাঁও আৰক্ষী স্মাৰক পত্র প্রদান কৰিছে৷ ইতিপূর্বে আটছা, সচেতন মহলেও ধাৰাবাহিক ভাবে অপৰাধীৰ গ্রেপ্তাৰ আৰু শান্তিৰ দাবী উত্থাপন কৰি আহিছে৷ ন্যায় পাওক অকাল মৃত্যু সাবটি লগা হোৱা কিশোৰীগৰাকী আৰু তেওঁৰ দৰিদ্র, দুয়োখন পৰিয়ালটিলে৷

You might also like