ইৰানে শান্তি বৈঠক বাৰণ কৰাত ঊর্ধ্বমুখী তেলৰ দাম, ভাৰতত দাম বৃদ্ধিৰ আশংকা
ডিজিটেল ডেস্ক, ২১ এপ্রিল : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানত চলোৱা আক্রমণৰ পিছৰ পৰা সমগ্র পশ্চিম এছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ অৱসান ঘটাৰ আশা প্রকট হৈছিল দুয়োপক্ষৰ মাজত প্রথম পর্যায়ৰ শান্তি আলোচনাৰ সিদ্ধান্তৰ ফলত৷ কিন্তু প্রথম পর্যায়ৰ আলোচনা শেষ হোৱাত দ্বিতীয় পর্যায়ৰ শান্তি আলোচনা ইৰানে বাৰণ কৰাত মধ্যপ্রাচ্যত পুনৰ আৰম্ভ হৈছে উত্তেজনা৷ ইয়াৰ ফলত হোৰাহোৰে বাঢ়িবলৈ লৈছে তেলৰ দাম৷
হৰমুজ প্রণালীৰে তেল সৰবৰাহ ব্যাহত হোৱাত বর্তমান অপৰিশোধিত তেলৰ দাম প্রতি বেৰেলত হৈছেগৈ প্রায় ১০০ ডলাৰৰ ওচৰা–উচৰি৷ বিশেষজ্ঞসকলৰ মতে, এই পৰিস্থিতি যদি কেইবাদিনলৈ চলি থাকিবলগীয়া হয় তেন্তে পেট্র’লৰ দাম বৃদ্ধিৰ লগতে বিমান আৰু যান–বাহনৰ ভাৰাও বহুখিনি বৃদ্ধি পাব৷ ইয়াৰ ফলত সৃষ্টি হ’ব মুদ্রাস্ফীতিৰ৷
শেহতীয়া তথ্যৰ পৰা জানিব পৰা মতে, সোমবাৰে পুৱাৰ ভাগত এছিয়াৰ ব্রেণ্ট ক্রুডৰ দাম প্রায় ৫.৩৭ শতাংশ বৃদ্ধি পাই ৯৫.২৩ ডলাৰ পাইছেগৈ৷ আনহাতে, ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটৰ দাম প্রায় ৬.১২ শতাংশ বৃদ্ধি পাই হৈছেগৈ ৮৮.৯৮ ডলাৰ৷ অপৰিশোধিত তেলৰ দাম যিদৰে বাঢ়িছে তেনেক্ষেত্রত শীঘ্রে বেৰেলেপতি ইন্ধন তেলৰ দাম ১০০ ডলাৰ পাৰ হৈ যাব বুলি আশংকা প্রকাশ কৰা হৈছে৷
উল্লেখ্য যে যোৱা মাহত যুদ্ধৰ উত্তপ্ত পৰিস্থিতিত অপৰিশোধিত তেলৰ দাম প্রতি বেৰেলত ১১০ ডলাৰ পাৰ হৈ যায়৷ তাৰ পিছত সাময়িক যুদ্ধবিৰতি আৰু চর্তসাপেক্ষে হৰমুজ খুলি দিয়াত তেলৰ দাম হ্রাস পায়৷ কিন্তু বর্তমান পুনৰ হৰমুজ বন্ধ কৰি দিছে ইৰানে৷ তদুপৰি, দ্বিতীয় পর্যায়ৰ আলোচনাৰ পৰিস্থিতিও ব্যাহত হৈছে৷ এনে অৱস্থাত পুনৰ ঊর্ধ্বমুখী হৈছে অপৰিশোধিত তেলৰ দাম৷ আন্তঃৰাষ্ট্রীয় বজাৰত অপৰিশোধিত তেলৰ দাম বৃদ্ধি পোৱাত উদ্বেগ বাঢ়িছে ভাৰতত৷ দেশৰ মুঠ ইন্ধনৰ চাহিদাৰ বৃহৎ অংশই আমদানি কৰিবলগীয়া হয় ভাৰতে৷ ফলত, তেলৰ দামৰ এই বৃদ্ধিয়ে পোনপটীয়াকৈ অর্থনীতিত প্রভাৱ পেলাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷
তেলৰ দাম বাঢ়িলে তেল বিপণন সংস্থাসমূহে পেট্র’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ বাবে চাপ সৃষ্টি কৰিব৷ ফলত, ব্যয়বহুল হ’ব পৰিবহণ ক্ষেত্র, বৃদ্ধি পাব বিমান আৰু পণ্য পৰিবহণৰ ব্যয়৷ দেশৰ সকলো ক্ষেত্রৰ লগতে ৰং, টায়াৰ, ৰাসায়নিক কাৰখানাতো ইয়াৰ পোনপটীয়া প্রভাৱ পৰিব৷ উৎপাদনৰ খৰচ বৃদ্ধি পালে তাক সাধাৰণ মানুহৰ ওপৰত জাপি দিবলৈ বাধ্য হ’ব সংস্থাসমূহ৷ ফলত, মুদ্রাস্ফীতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে৷