নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিলকৰ শতকেৰে জয়ৰ ধাৰালৈ উভতিল মুম্বাই, ৯৯ ৰানত হাৰিল গুজৰাট টাইটানছ

ডিজিটেল ডেস্ক, ২১ এপ্রিল : অৱশেষত জয়ৰ ধাৰালৈ উভতিল পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ চলিত আইপিএলত ক্রমাগত চাৰিখন মেচত পৰাস্ত হোৱা মুম্বায়ে সোমবাৰে আহমেদাবাদত অনুষ্ঠিত মেচখনত ঘৰুৱা দল গুজৰাট টাইটানছক ৯৯ ৰানত পৰাস্ত কৰে৷ মেচখনত মুম্বাইৰ জয়ৰ মূলতেই হ’ল তিলক বার্মাৰ বিস্ফোৰক অপৰাজিত শতক আৰু অশ্বিনী কুমাৰৰ দুর্দান্ত বলিং প্রদর্শন৷

মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ গুজৰাটে ১৫.৫ অভাৰত ১০০ ৰানহে কৰে৷ দলটোৰ হৈ সর্বাধিক ২৬ ৰান কৰে ৱাশ্বিংটন সুন্দৰে৷ অধিনায়ক গিলে ১৪, শ্বাহৰুখ খানে ১৭ আৰু ৰাবাডাই ১২ ৰান কৰে৷ বাকীসকল বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ মুম্বাইৰ হৈ অশ্বিনী কুমাৰে সর্বাধিক ৪টা, ঘাজানফাৰ আৰু ছাণ্টনাৰ উভয়ে দুটাকৈ তথা হার্দিকে এটা উইকেট লাভ কৰে৷ ইফালে, উইকেটৰ বাবে হাবাথুৰি খাই ফুৰা যশপ্রীত বুমৰাহে এটা উইকেট লাভ কৰে৷

উল্লেখ্য যে মুম্বায়ে এতিয়ালৈকে ৬খন মেচ খেলি দুখনতহে জয়ৰ মুখ দেখিছে৷ বিপৰীতে গুজৰাটে ৬খন মেচ খেলি ৩খনত জয় আৰু তিনিখনত পৰাস্ত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও তিলক বার্মাৰ বিস্ফোৰক অপৰাজিত শতকৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৯ ৰান সংগ্রহ কৰে৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল মুম্বাইৰ৷ দলীয় স্ক’ৰ ৪৪ ৰানতে অ’পেনাৰদ্বয় ডানিছ মালেৱাৰ (২) আৰু কুইণ্টন ডি ক’ক (১৩)ৰ লগতে সূর্যকুমাৰ যাদৱ (১৫)ক হেৰুৱাই বিপদত পৰে দলটো৷ অৱশ্যে নমন ধীৰে তিলক বার্মাৰ সৈতে চতুর্থ উইকেটত ৫২ ৰান কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ নমনে ৪৫ ৰান কৰি বিদায় লয় যদিও তিলকে ৪৫ বলত ৮টা চাৰি আৰু ৭টা ছয়েৰে অপৰাজিতভাৱে ১০১ ৰান কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ অধিনায়ক হার্দিক পাণ্ডিয়াই ১৫ ৰান কৰে৷ গুজৰাটৰ হৈ ৰাবাডাই সর্বাধিক ৩টা উইকেট লয়৷

You might also like