সিন্ধু জল চুক্তি পুনৰ বাহাল নহ’লে ভাৰতৰে যুদ্ধ কৰিব পাকিস্তানে
🔹 অমিত শ্বাহক প্রত্যুত্তৰ দি হুংকাৰ প্রাক্তন পাক মন্ত্রী বিলৱালৰ
নিউজ ডেস্ক, ২৪ জুন : সিন্ধু জল চুক্তি পুনৰ কার্যকৰী নকৰিলে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব! কালি এই ভাবুকি প্রদান কৰে প্রাক্তন পাক বিদেশ মন্ত্রী তথা পাকিস্তান পিপলছ পার্টী (পিপিপি)ৰ মুৰব্বী বিলৱাল ভুট্টো জর্দাৰীয়ে৷
স্মর্তব্য যে শনিবাৰে গৃহমন্ত্রী অমিত শ্বাহে হুংকাৰ দিছিল সিন্ধু জল চুক্তি কেতিয়াও কার্যকৰী কৰা নহ’ব বুলি৷ কাৰণ প্রতিবেশী পাকিস্তানে সিন্ধু জল চুক্তিৰ চর্ত উলংঘা কৰা বুলি অভিযোগ তুলিছিল অমিত শ্বাহে৷ গতিকে পাকিস্তান শুকাই মৰিলেও সিন্ধু জল চুক্তিলৈ ভাৰতে পুনৰ সমর্থন নজনায় বুলি ঘোষণা কৰিছিল শ্বাহে৷ ইয়াৰ পিছতে কালি শ্বাহৰ এই মন্তব্যৰ প্রত্যুত্তৰ দিবলৈ গৈ বিলৱাল ভুট্টোৱে কয় যে সিন্ধু জল চুক্তি যদি পুনৰ বাহাল নহয় তেন্তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব৷
স্মর্তব্য যে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জল চুক্তিত স্বাক্ষৰ কৰিছিল ভাৰত আৰু পাকিস্তানে৷ চুক্তি অনুসৰি ঝিলম আৰু চেনাব নদীৰ পানীৰ ওপৰত পাকিস্তানৰ অধিকাৰ ৮০ শতাংশ৷ এই দুয়োখন নদীৰ ওপৰত ভাৰতৰ অধিকাৰ ২০ শতাংশ৷ চুক্তিৰ চর্ত অনুসৰি ভাৰতে এই নদীৰ পানী ব্যৱহাৰ কৰিলেও তাক বন্ধ কৰিব নোৱাৰিব পাকিস্তানে৷ কিন্তু দীর্ঘদিন ধৰি ভাৰতে দাবী কৰি আহিছে যে সিন্ধু জল চুক্তি সংশোধনৰ প্রয়োজন আছে৷ কাৰণ ভাৰতৰ নদীবান্ধ নির্মাণৰ ক্ষেত্রত পাকিস্তানে সঘনে আপত্তি দর্শাই আহিছে৷