নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ দেশসমূহত ফাইজাৰ ভেকচিন প্রদানত অনুমোদন ‘হু’ৰ

নিয়মীয়া বাৰ্তা,  ২ জানুৱাৰীঃ প্রত্যেকখন দেশে নিজাববীয়াকৈ ক’ভিড–১৯ ভেকচিন নির্বাচিত কৰি টিকাকৰণ কৰিব পাৰে যদিও বিশ্বৰ দৰিদ্র দেশসমূহৰ ক্ষেত্রত ক’ভিড–১৯ ভেকচিন হিচাপে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ফাইজাৰ–বায়’এনটেক ভেকচিনত অনুমোদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷

ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপীয় সংঘ আৰু আন ডজনৰো অধিক দেশে ফাইজাৰ ভেকচিন প্রদান কৰি আহিছে৷ বিশ্বৰ প্রথম দেশ হিচাপে গ্রেট ব্রিটেইনে ফাইজাৰ ভেকচিনক গণ টিকাকৰণত ব্যৱহাৰ কৰাৰ পাছতেই আমেৰিকাকে ধৰি বহু দেশে এই ভেকচিন প্রদান প্রক্রিয়া চলাই আছে৷ ভেকচিনটোৰ সুৰক্ষা আৰু ফলপ্রসূতাৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই দৰিদ্র দেশসমূহক এই ভেকচিনটো জৰুৰীকালীন অৱস্থাত প্রদানৰ বাবে অনুমোদন জনাইছে৷

ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ এই ভেকচিনটো উপলব্ধ হোৱাৰ লগতে ভেকচিন প্রদান প্রক্রিয়া চলি থকাৰ পৰিপ্রেক্ষিতত বিশ্বৰ দৰিদ্র দেশসমূহে ফাইজাৰ ভেকচিনটো সহজতে লাভ কৰিব পাৰিব৷ কালি নিশা বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থাত দৰিদ্র দেশসমূহে ফাইজাৰ ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like