নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ পোহৰ দেখিলে ৩.৭ লাখ দেৱশিশুৱে

২০২১ৰ প্রথমটো দিন ভাৰতত সর্বাধিক ৬০ হাজাৰে পালে জন্ম

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  বর্ষৰ সামৰণিত আশাৰে আৰম্ভণি হয় আন এটা বর্ষ৷ ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ মাজেৰে ২০২০ বর্ষৰ সামৰণিত আৰম্ভ হ’ল ইংৰাজী ২০২১ বর্ষ৷ এই বর্ষটোৰ প্রথম দিনাই আশাৰ বাতৰিৰে ধৰাৰ বুকুলৈ আহিল ৩.৭ লাখ নৱজাতক৷ নৱবর্ষৰ পহিলা দিনাই বিশ্বজুৰি ৩,৭১,৫০৪ নৱজাতক ধৰাত জন্মগ্রহণ কৰিলে৷ অর্থাৎ প্রায় ৩.৭১ লাখ কেঁচুৱাই আশাৰ সঞ্চাৰ লৈ পৃথিৱীত ভৰি দিলে৷ বিশ্বজুৰি ৩.৭১ লাখ কেঁচুৱা জন্মৰ তথ্য ইউনিছেফে প্রকাশ কৰিছে৷ ৰাষ্ট্রসংঘৰ শিশু পুঁজি ইউনিছেফে আজি প্রকাশ কৰা প্রতিবেদনত বিশ্বজুৰি ৩.৭১ লাখ কেঁচুৱা উপজিল৷ ইয়াৰে ভিতৰত সর্বাধিক ভাৰতত প্রায় ৬০ হাজাৰ (৫৯,৯৯৫)৷ ইউনিছেফে প্রকাশ কৰা মতে, ২০২১ বর্ষত ১৪ কোটি নৱজাতক পৃথিৱীলৈ আহিব৷ ৬০ হাজাৰেৰে ভাৰত শীর্ষত থকাৰ বিপৰীতে ৩৫ সহস্রাধিকেৰে দ্বিতীয় স্থানত চীন, তৃতীয় স্থানত নাইজেৰিয়া (২১,৪৩৯), পৰৱর্তী স্থানত পাকিস্তান (১৪,১৬১), ইণ্ডোনেছিয়া (১২,৩৩৬), ইথি’পিয়া (১২,০০৬), আমেৰিকা যুক্তৰাষ্ট্র (১০,৩১২), ইজিপ্ত (৯,৪৫৫), বাংলাদেশ (৯,২৩৬) আৰু কংগোত (৮,৬৪০)৷ তথ্য মতে প্রথমটি কেঁচুৱা ফিজিত আৰু অন্তিমটো আমেৰিকা যুক্তৰাষ্ট্রত জন্মিব৷ ইউনিছেফৰ কার্যবাহী সঞ্চালক হেনৰিতা ফ’ৰে বি বি টিযোগে প্রকাশ কৰা মতে, বিশ্বৰ ভিন্ন প্রান্তত সময়ভেদে কেঁচুৱাৰ জন্ম পাব৷ সমগ্র বিশ্বত এই কেঁচুৱাসমূহৰ গড় আয়ুস ৮৪ বছৰ যদিও ভাৰতৰ শিশুসকলৰ গড় বয়স হ’ব ৮০.৯ বছৰ৷ নতুন বছৰে নতুন সুযোগেৰে এই শিশুসকলক নতুন ধাৰণাৰ জন্ম দিব বুলিও পৰিচালন সঞ্চালকগৰাকীয়ে প্রকাশ কৰিছে৷

You might also like