শ্ল’ভাকিয়াৰ সর্বোচ্চ ৰাষ্ট্রীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী
সর্বাধিক সময় দেশৰ নির্বাচিত প্রধানমন্ত্রী হিচাপে অধিষ্ঠিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গোলকীয় প্রেক্ষাপটত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে বিশ্বৰ ৩২খন দেশে সর্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ পাছত এইবাৰ শ্ল’ভাকিয়াৰ সর্বোচ্চ সন্মান ‘দ্য অর্ডাৰ অৱ দ্য হোৱাইট ক্রছ, ফার্ষ্ট ক্লাছে’ৰে সন্মানিত হয় প্রধানমন্ত্রী মোদী৷
ইয়াৰ জৰিয়তে ভাৰতৰ বৈদেশিক কূটনীতিৰ ক্ষেত্রত সংযোজিত হ’ল এক নতুন অনাদি অধ্যায়ৰ৷ ১৯৯৩ চনত সার্বভৌম ৰাষ্ট্র হিচাপে স্বীকৃতি পোৱাৰ পাছত প্রথমবাৰলৈ কোনো ভাৰতীয় প্রধানমন্ত্রীয়ে এই ঐতিহাসিক ভ্রমণকালত শ্ল’ভাকিয়াই প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশখনৰ সর্বোচ্চ ৰাষ্ট্রীয় অসামৰিক বঁটা প্রদান কৰে৷
এক বিশেষ অনুষ্ঠানত শ্ল’ভাকিয়াৰ ৰাষ্ট্রপতি পিটাৰ পেলেগিনীয়ে প্রধানমন্ত্রী মোদীক সন্মানিত কৰে৷ এই সর্বোচ্চ সন্মান গ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্ল’ভাকিয়াৰ ৰাষ্ট্রপতি, চৰকাৰ আৰু জনসাধাৰণক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷
তেওঁ কয় যে এই সন্মান কেৱল নিজৰ নহয়, বৰঞ্চ ই ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ প্রতি জনোৱা এক সন্মান৷ এই সন্মান দুয়োখন দেশৰ মাজত থকা গভীৰ বিশ্বাস আৰু সুদৃঢ় বন্ধুত্বৰ প্রতীক৷ প্রধানমন্ত্রীৰ ভ্রমণকালত দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্কক এক নতুন মাত্রা প্রদান কৰি ব্যাপক অংশীদাৰিত্বৰ পর্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে৷ ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদী আৰু শ্ল’ভাকিয়াৰ প্রধানমন্ত্রী ৰবার্ট ফিকোৰ মাজত এখন গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷
বৈঠকত দুয়োখন দেশে প্রতিৰক্ষা, চাইবাৰ সুৰক্ষা, গুৰুত্বপূর্ণ আন্তঃগাঁথনি সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে সহমত পোষণ কৰে৷ দুয়োখন দেশৰ মাজত প্রতিৰক্ষা, সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে সন্মতি–পত্রও স্বাক্ষৰিত হয়৷
বৈঠকত শ্ল’ভাকিয়াৰ প্রধানমন্ত্রী ফিকোই ভাৰতৰ সৈতে প্রতিৰক্ষা উদ্যোগৰ ক্ষেত্রত যুটীয়াভাৱে কাম কৰাৰ তীব্র ইচ্ছা প্রকাশ কৰে৷ তদুপৰি চাইবাৰ অপৰাধ প্রতিহত কৰিবলৈ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক যুটীয়া কার্যবাহী গোট গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়৷
প্রধানমন্ত্রী মোদীৰ এই ঐতিহাসিক শ্ল’ভাকিয়া ভ্রমণে বিশ্বৰ ৰাজনীতিত এক তাৎপর্য বহন কৰিছে৷ স্বাভাৱিকতে ভাৰতে ফ্রান্স বা জার্মানীৰ দৰে পশ্চিম ইউৰোপৰ দেশসমূহৰ সৈতেহে সম্পর্ক ৰক্ষাত গুৰুত্ব দি আহিছিল৷
কিন্তু শ্ল’ভাকিয়াৰ দৰে মধ্য ইউৰোপীয় দেশৰ সৈতে ব্যাপক অংশীদাৰিত্ব স্থাপন কৰাটোৱে ভাৰতে ইউৰোপৰ প্রতিটো প্রান্ততে দেশৰ কূটনৈতিক আৰু বাণিজ্যিক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটোকে প্রমাণ কৰিছে৷ উল্লেখ্য যে শ্ল’ভাকিয়া প্রতিৰক্ষা সামগ্রী উৎপাদন আৰু গুৰু উদ্যোগৰ বাবে বিশ্ববিখ্যাত৷
ভাৰতে শ্ল’ভাকিয়াৰ প্রতিৰক্ষা প্রযুক্তি ব্যৱহাৰ কৰি দেশৰ ভিতৰতে অত্যাধুনিক সামৰিক সঁজুলি নির্মাণৰ পথ প্রশস্ত কৰিব পাৰিব৷ যাৰ জৰিয়তে ভাৰতে মেক ইন ইণ্ডিয়া অভিযানক অধিক শক্তিশালী কৰিব পাৰিব৷
ডিজিটেল ডেস্ক, ১৬ জুন