ছুইডেন ভ্ৰমণ সামৰি নৰৱে’ অভিমুখে প্ৰধানমন্ত্ৰী মোদী
নৰেন্দ্ৰ মোদী ছুইডেনৰ পৰা নৰৱেৰ উদ্দেশ্যে ৰাওনা হৈছে। ৪৩ বছৰৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নৰৱে ভ্ৰমণক কেন্দ্ৰ কৰি তাত বসবাস কৰা ভাৰতীয়সকলৰ মাজত আনন্দ আৰু উৎসাহৰ ঢৌ দেখা গৈছে।
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক ঐতিহাসিক বুলি অভিহিত কৰিছে প্ৰবাসী ভাৰতীয় সমাজে। তেওঁলোকৰ মতে, বহু বছৰৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ নৰৱে আগমন ভাৰত-নৰৱে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ পদক্ষেপ হ’ব।
ভাৰতীয় মূলৰ বহু লোকে কয় যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে তেওঁলোকৰ মাজত এক নতুন উদ্দীপনা আৰু একতাৰ অনুভূতি সৃষ্টি কৰিছে। বিশ্বজুৰি শক্তি সংকট আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মাজতে এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূর্ণ বুলি ধৰা হৈছে।
ডিজিটেল ডেস্ক, ১৮ মে’