নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রিত্ব লাভ কৰা ৰবনীত সিং দৌৰি দৌৰি উপস্থিত হ’ল মোদীৰ বাসগৃহত

🔹 দিল্লীৰ ৰাজপথত পঞ্জাবৰ বিজেপি নেতাৰ অথন্তৰ

বিশেষ বাৰ্তা, ৯ জুন : নির্বাচনত হাৰিল, পিছে মন্ত্রীসভাত স্থান পাই কপাল ফুলিল ৷ পঞ্জাবৰ বিজেপি নেতা ৰবনীত সিং বিট্টুৱে অষ্টাদশ লোকসভা নির্বাচনত পৰাজিত হ’লেও এনডিএ চৰকাৰৰ মন্ত্রীসভাত স্থান লাভ কৰিলে৷ আজি নতুন দিল্লীত পঞ্জাবৰ বিজেপি নেতা ৰবনীত সিং বিট্টুৱে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈও অৱশেষত লক্ষ্যত উপনীত হয়৷ মোদী ৩.০ মন্ত্রীসভাত স্থান লাভ কৰা বুলি পুৱা ফোনকলযোগে সু-সংবাদটো পাই লোকসভাত পৰাজিত নেতা বিট্টুৱে তেওঁৰ গাড়ীৰে প্রধানমন্ত্রী মোদীৰ চৰকাৰী বাসভৱনলৈ আহি থাকোঁতে মাজতে অঘটনটো ঘটে৷ নতুন দিল্লীৰ প্রচণ্ড যান–জঁটৰ মাজত সোমাই পৰে বিট্টুৰ বাহন৷ কোনোপধ্যে এই যান–জঁটৰ পৰা তেওঁৰ বাহন উলিয়াই প্রধানমন্ত্রীৰ বাসভৱনত সঠিক সময়ত উপস্থিত হোৱাটো সম্ভৱপৰ নহয়৷ তেনেতে বিট্টুৱে আকস্মিক বুদ্ধি খটুৱাই প্রধানমন্ত্রীৰ বাসগৃহত সঠিক সময়ত উপস্থিত হ’বলৈ বাহন এৰি নিৰাপত্তাৰক্ষীৰে দৌৰিবলৈ ধৰে৷ ৰাজপথেৰে দৌৰি দৌৰি বিট্টুৱে অৱশেষত নির্ধাৰিত সময় মতে প্রধানমন্ত্রীৰ বাসগৃহত উপস্থিত হ’বলৈ সক্ষম হয় আৰু প্রধানমন্ত্রী মোদীৰ সৈতে চাহমেলত অংশ ল’বলৈ সক্ষম হয়৷ বিট্টুৱে লোকসভাত স্থান পাই নিজে অত্যন্ত সুখী বুলি কোৱাৰ লগতে এই সময়ছোৱাত তেওঁ পঞ্জাবৰ মুখ্যমন্ত্রীতকৈও অধিক সুখী বুলি অনুভৱ হোৱা বুলি কয়৷ বিট্টুৱে ৰাজপথেৰে দৌৰি দৌৰি প্রধানমন্ত্রীৰ বাসগৃহত উপস্থিত হোৱা ভিডিঅ’ সম্প্রতি ছ’চিয়েল মিডিয়াত ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷ উল্লেখ্য যে পঞ্জাবৰ প্রাক্তন মুখ্যমন্ত্রী বিয়ন সিঙৰ নাতি ৰবনীত সিং বিট্টু এইবেলি নির্বাচনত লুধিয়ানা সমষ্টিত কংগ্রেছৰ অমৰিন্দৰ সিং ৰাজাৰ হাতত পৰাজয়বৰণ কৰিছিল৷

You might also like