নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা ছাৰ্ট, মূৰত ছ্যুটকেছ লৈ দিল্লীত ৰাহুল গান্ধী

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে পূব দিল্লীৰ আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনত কুলীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে কুলীসকলৰ কৰ্মক্ষেত্ৰত কি কি সমস্যা হৈছে, সেই সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পিছত ৰে’ল ষ্টেচনৰ কুলীসকলে পিন্ধা ৰঙা সাজ পিন্ধি, মূৰত এটা ছ্যুটকেছ লৈ আগবাঢ়ে। সাংসদগৰাকীক সংগ দিয়া আন কুলীসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনি দি ৰাহুল গান্ধীৰ লগত খোজ লয়। সেই মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত কংগ্ৰেছে কয় যে কিছুদিন পূৰ্বে দিল্লীৰ কুলীসকলে ৰাহুল গান্ধীক লগ কৰিব বিচাৰিছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়ে আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনলৈ যায় কংগ্ৰেছৰ সাংসদগৰাকী।

You might also like