নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাহুল ৰাজনীতিৰ শ্রেষ্ঠ ফিনিছাৰ, কংগ্রেছক ফিনিছ কৰিবই’

🔹 কংগ্রেছ নেতাক তীব্র কটাক্ষ প্রতিৰক্ষা মন্ত্রী সিঙৰ

বিশেষ বাৰ্তা, ৮ এপ্রিল : লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত নামিছে বিভিন্ন দল৷ ইতিমধ্যে উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি৷ এই প্রচাৰ অভিযানৰ মাজতে দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কংগ্রেছ নেতা ৰাহুল গান্ধীক তীব্র কটাক্ষ কৰিলে৷ ক্রিকেটত যিদৰে ধোনী, সেইদৰে ৰাজনীতিত শ্রেষ্ঠ ‘ফিনিছাৰ’ ৰাহুল গান্ধী বুলি উল্লেখ কৰি ৰাজনাথে কয় যে কংগ্রেছক ৰাহুলে ‘ফিনিছ’ কৰিহে এৰিব৷ ইয়াৰ লগতে শতাব্দী প্রাচীন দলটোৰ সৈতে দুর্নীতিৰ সম্পর্ক অটুট বুলিও মন্তব্য কৰে ৰাজনাথে৷ মধ্যপ্রদেশৰ ছিধি জিলাৰ এখন জনসভাত ৰাজনাথ সিঙে কংগ্রেছ নেতাগৰাকী সন্দর্ভত এই মন্তব্য কৰে৷

You might also like