নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিডিয়া বেৰন–ৰামোজী ফিল্ম চিটীৰ প্রতিষ্ঠাতা ৰামোজী ৰাৱৰ দেহাৱসান

🔹 প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শোক প্রকাশ

বিশেষ বাৰ্তা, ৮ জুন : মিডিয়া বেৰন, ঈনাদু আৰু ৰামোজী ফিল্ম চিটীৰ প্রতিষ্ঠাতা ৰামোজী ৰাৱৰ আজি পুৱা হায়দৰাবাদৰ এখন চিকিৎসালয়ত পৰলোকপ্রাপ্তি ঘটে৷ ৮৭ বছৰীয়া মিডিয়া বেৰন ৰামোজী ৰাও কেইবাদিন ধৰি হায়দৰাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱতি নিশা ৩.৪৫ বজাত পৰলোকপ্রাপ্তি হয়৷ তেলুগু সংবাদ মাধ্যম আৰু সাংবাদিকতাক নতুন গতি প্রদান কৰাৰ লগতে ৰামোজী ফিল্ম চিটী প্রতিষ্ঠাৰে চলচ্চিত্র জগতকো উজ্জীৱিত কৰি তোলাৰ ক্ষেত্রত অনন্য বৰঙণি আগবঢ়োৱা ৰামোজী ৰাৱৰ ১৯৩৬ চনৰ ১৬ নৱেম্বৰত জন্ম হৈছিল৷ ৰামোজী গ্রুপৰ মুৰব্বী হিচাপে ৰাৱে বিভিন্ন ক্ষেত্রত সফল ব্যৱসায়েৰে দেশৰ লগতে বিদেশতো পৰিচিত হৈ পৰে৷ বিশ্বৰ বৃহত্তম চলচ্চিত্র নির্মাণৰ সুবিধা থকা ৰামোজী ফিল্ম চিটীৰ লগতে ঈনাদু বাতৰিকাকত, ই–টিভি নেটৱর্ক টিভি চেনেল আৰু চলচ্চিত্র নির্মাণ কোম্পানী ঊষা কিৰণ মুভিজৰ স্বত্বাধিকাৰী আছিল৷ ইয়াৰ উপৰি ৰামোজী ৰাৱৰ আন ব্যৱসায়সমূহৰ ভিতৰত ডলফিন গ্রুপ অৱ হোটেলছ, কালাঞ্জলি শ্বপিং মল আছে৷ তেওঁৰ মৃত্যুত গভীৰ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শোকবার্তাত কয় যে ৰামোজী ৰাৱে সংবাদ ক্ষেত্র আৰু চলচ্চিত্র বিশ্বক চহকী কৰি থৈ গ’ল৷ তেওঁৰ মৃত্যু দুয়ো ক্ষেত্রৰ বাবে অপূৰণীয় ক্ষতি৷

You might also like