নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ কোটি টকীয়া ষ্টেডিয়ামক লৈ বিপাঙত ৰিয়েল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ অক্টোবৰঃ বিপুল অর্থ ব্যয় কৰি ষ্টেডিয়াম পুনৰ নির্মাণ কৰাৰ পিছত চলিত বছৰতে সমর্থকসকলৰ বাবে মুকলি কৰি দিছিল ৰিয়েল মাদ্রিদে৷ ১০৮০০ কোটি টকা ব্যয় কৰি চান্তিয়াগো বার্নাবিউ ষ্টেডিয়াম নতুনকৈ নির্মাণ কৰি প্রশংসিত হোৱাৰ সলনি গৰিহণাৰ সন্মুখীন হৈছে স্পেনিছ ক্লাবটো৷ ৰিয়েলৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ উঠিছে প্রতিবেশীসকল৷ তেওঁলোকে ক্লাবটোৰ বিৰুদ্ধে প্রতিবাদ জনোৱাৰ কথাও চিন্তা কৰিছে৷ ষ্টেডিয়ামত নতুন ছাদ লগোৱাৰ লগতে নতুন ঘাঁহ, পোহৰ, দোকান, ভিআইপি অঞ্চল নির্মাণ কৰা হৈছে৷ খেলপথাৰখন এনেদৰে বনোৱা হৈছে যাতে খেল শেষ হোৱাৰ পিছত সেইখন তুলি নি ষ্টেডিয়ামৰেই সুকীয়া স্থানত ৰক্ষণাবেক্ষণ কৰিব পৰা যায়৷ ৰিয়েলৰ প্রকৃত উদ্দেশ্য হৈছে খেল নথকা সময়ত ষ্টেডিয়ামত বিভিন্ন নৃত্য–গীতৰ অনুষ্ঠান, বিয়া–বাৰু অথবা অন্য কোনো কামৰ বাবে ভাৰা দি অর্থ আহৰণ কৰা৷ তাকে কৰিবলৈ গৈ বিপাঙত পৰিছে ৰিয়েল মাদ্রিদ৷ প্রায় প্রতিদিনে ষ্টেডিয়ামত কোনো অনুষ্ঠান আয়োজন কৰাত সৃষ্টি হোৱা শব্দ প্রদূষণে অতিষ্ঠ কৰিছে প্রতিৱেশীসকলক৷ অনুষ্ঠানৰ উপৰি অনুশীলনৰ সময়তো বৃহৎ কোলাহলৰ সৃষ্টি হয়৷ দূৰ–দূৰণিৰ পৰা অহা দর্শকৰ আচৰণে অঞ্চলটো দুর্গন্ধময় কৰি তোলাত বিৰক্ত হৈ পৰিছে প্রতিবেশীসকল৷ তেওঁলোকে ষ্টেডিয়ামৰ সন্মুখত ‘ন’ কনছার্ট’ লিখি বেনাৰ আঁৰিছে৷

You might also like