নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ অক্টোবৰঃ ষষ্ঠীৰ মাজনিশা অপ্রত্যাশিতভাৱে আহিল দেশবাসীৰ বাবে অত্যন্ত দুখৰ খবৰ৷ খহি পৰিল ভাৰত তথা বিশ্বৰ ঔদ্যোগিক ক্ষেত্রৰ উজ্জ্বল নক্ষত্র৷ দেশ তথা বিশ্বৰ উদ্যোগ ক্ষেত্রলৈ প্রভুতঃ বৰঙণিৰ লগতে অর্থ ব্যৱস্থা টনকিয়াল কৰি যোৱা দেশৰ মহান উদ্যোগপতিসকলৰ অন্যতম টাটা ছন্সৰ অধ্যক্ষ ৰতন টাটাৰ মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি মুম্বাইৰ ব্রীচ কেণ্ডী হাস্পতালত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই৷ উল্লেখ্য যে কেইদিনমান পূর্বে বার্ধক্যজনিত কাৰণত ৰতন টাটাক ব্রীচ কেণ্ডীৰ ইণ্টেনচিভ কেয়াৰ ইউনিটত সংকটজনক অৱস্থাত ভর্তি কৰোৱা হৈছিল৷ উল্লেখ্য যে বার্ধক্যজনিত কাৰণতে স্বাস্থ্যৰ অৱনতি ঘটাত দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীক যোৱা সোমবাৰে চিকিৎসালয় এখনত ভর্তি কৰোৱাৰ লগতে স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰিছিল বিশেষজ্ঞ চিকিৎসকৰ এটি দলে৷ প্রথম অৱস্থাত বিশিষ্ট উদ্যোগপতিগৰাকীৰ ঘনিষ্ঠই এয়া নিয়মমাফিক স্বাস্থ্য পৰীক্ষা বুলি সদৰী কৰিছিল যদিও পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু আজি শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে ১৯৯১ চনত টাটা গ্রুপৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিছিল৷ উদ্যোগ ক্ষেত্রত থকা নিজ দক্ষতাৰ বলতেই উদ্যোগৰ বিভিন্ন ক্ষেত্রত তেওঁ বিনিয়োগ কৰে৷ তেওঁৰ নেতৃত্বতেই টাটা ছন্সে ১০০ বিলিয়ন ডলাৰ সম্পত্তিৰে গ্ল’বেল বিজনেছ এম্পায়াৰ হিচাপে পৰিগণিত হয়৷ উল্লেখ্য যে ২০১২ চনত ৰতন টাটাই টাটা ছন্সৰ অধ্যক্ষৰ পৰা অৱসৰ গ্রহণ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে ব্যৱসায়িক দায়িত্ব চম্ভালে চাইৰাছ মিস্ত্রীয়ে৷ উল্লেখ্য যে ২০২২ চনত এক দুর্ঘটনাত চাইৰাছ মিস্ত্রীৰ মৃত্যু হৈছিল৷ এইগৰাকী ভাৰতীয় উদ্যোগপতিৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ বিখ্যাত টাটা পৰিয়ালত৷ ৰতন টাটাই কর্নেল বিশ্ববিদ্যালয়ত স্থাপত্য বিষয়ত অধ্যয়ন কৰিছিল আৰু পিছলৈ হার্ভার্ড বিজনেছ স্কুলত অধ্যয়ন কৰিছিল৷ শিক্ষা জীৱন সম্পন্ন কৰাৰ পিছত তেওঁ ১৯৬২ চনত টাটা গ্রুপত যোগদান কৰিছিল আৰু ১৯৯১ চনত অধ্যক্ষৰ দৰে গুৰু দায়িত্ব চম্ভালাৰ পূর্বে বিভিন্ন পদবীত কার্যনির্বাহ কৰিছিল৷ উল্লেখ্য যে টাটা গ্রুপক এক আধুনিক অগ্রগামী চিন্তাধাৰাৰে আগবঢ়াই নিছিল প্রয়াত বিশিষ্ট উদ্যোগপতিগৰাকীয়ে৷ অকল উদ্ভাৱনী শক্তিয়েই নহয়, তেওঁ সামাজিক দায়বদ্ধতাৰো পৰিচয় দিছিল৷ ৰতন টাটাই প্রতিষ্ঠা কৰিছিল টাটা ট্রাষ্ট৷ এই টাটা ট্রাষ্ট হ’ল দেশৰ দৰিদ্র তথা সা–সুবিধাৰ পৰা বঞ্চিত লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্রত সমর্পিত এটা দাতব্য সংস্থা৷ ব্যৱসায়ৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া দেশৰ এইগৰাকী বৰেণ্য উদ্যোগপতিক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্ম বিভূষণ, ২০১২ চনত জীৱনজোৰা সাধনা বঁটাৰে সন্মান জনোৱা হৈছিল৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্রান্তৰ সমান্তৰালভাৱে অসমতো তেওঁ কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে অসমৰ তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, নগাঁও, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী জিলাত সাতখনকৈ কর্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷ টাটা ট্রাষ্টৰ অধীনত ৰাজ্যখনত ইতিমধ্যে কেইবাখনো কেঞ্চাৰ চিকিৎসালয় স্থাপন কৰি ৰাইজলৈ সেৱা আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰতন টাটাক ২০২২ চনত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা প্রদান কৰা হৈছিল৷ উল্লেখনীয় যে ৰতন টাটাৰ উদ্যোগতে অসমৰ জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ প্রস্তুতি চলিছে আৰু ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে৷ উল্লেখ্য যে এছিয়া, উত্তৰ আমেৰিকা আৰু ইউৰোপ মহাদেশৰ ছখন দেশত উদ্যোগপতি ৰতন টাটাৰ নেতৃত্বত এক মিলিয়নতকৈ অধিক লোকক সংস্থাপন দিয়া হৈছিল৷

You might also like