নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলা দখলৰ লক্ষ্যৰে কলকাতাত শ্ৰীলংকাৰে দ্বিতীয় এদিনীয়াত নামিব ৰোহিত বাহিনী

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ দীর্ঘদিনৰ বিৰতিৰ অন্তত কলকাতাৰ ইডেন গার্ডেনলৈ ঘূৰি আহিছে ক্রিকেটৰ পৰিৱেশ৷ পাঁচ বছৰ বিৰতিৰ অন্তত টীম ইণ্ডিয়া আৰু শ্রীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ কাইলৈ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব৷ আত্মবিশ্বাসী ৰোহিত শর্মা বাহিনীয়ে আজি ইডেন গার্ডেনতে এদিনীয়া শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷ মঙলবাৰে গুৱাহাটীত হৈ যোৱা প্রথমখন এদিনীয়াত জয়লাভ কৰি আত্মবিশ্বাস তুংগত থকা টীম ইণ্ডিয়াই কাইলৈৰ মেচখনতো শ্রীলংকাৰ বিপক্ষে বৃহৎ জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ সম্প্রতি ভাৰতীয় দলটোৰ আগশাৰীৰ বেটাৰসকল দুর্দান্ত ফর্মত আছে৷ গুৱাহাটীত হৈ যোৱা প্রথমখন এদিনীয়াত অধিনায়ক ৰোহিত শর্মা, কোহলি আৰু গিলে দুর্দান্ত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলটোৰ জয়ত মুখ্য ভূমিকা লৈছিল৷ কাইলৈও এই তিনিগৰাকী বেটাৰৰ লগতে ৰাহুল, আয়াৰ, পাণ্ডিয়া আৰু অক্ষৰে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আত্মবিশ্বাসী ভাৰতীয় দলটো৷ গুৱাহাটীত শতক অর্জন কৰা বিৰাট কোহলি সম্প্রতি দুর্দান্ত ফর্মত আছে আৰু আজিৰ মেচখনতো তাৰকা বেটাৰগৰাকীয়ে এই ধাৰা অব্যাহত ৰাখিব পাৰিব বুলি আত্মবিশ্বাসী টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা৷ আজিৰ মেচতো মূল একাদশত কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে ইডেন গার্ডেনতো তেওঁ শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰিব৷ আনহাতে, প্রথমখন এদিনীয়াত বলাৰসকলে দাঙি ধৰা প্রদর্শনক লৈও সন্তুষ্টি ব্যক্ত কৰে অধিনায়ক ৰোহিত শর্মাই ৷

খেলৰ সময় দিনৰ ১.৩০ বজা

You might also like