নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিশ্বকাপৰ গ্রুপ পর্যায়ৰ মেচ!

বিশেষ বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত সফলতাৰে ভাৰত আৰু শ্রীলংকাৰ এদিনীয়া মেচ সম্পন্ন হৈ যোৱাৰ পিছত সংবাদ মেলৰ আয়োজন কৰে অসম ক্রিকেট সন্থাই৷ মেচখন সফলতাৰে সম্পন্ন হৈ যোৱাত সকলোকে ধন্যবাদ জনায় অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ ভাৰত–শ্রীলংকাৰ এদিনীয়া মেচখনৰ সফল সমাপ্তিয়ে আগন্তুক এদিনীয়া বিশ্বকাপৰ মেচ গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাট মুকলি কৰিলে বুলি সংবাদ মাধ্যমত মন্তব্য কৰে এ চি এৰ সভাপতিগৰাকীয়ে৷ মেচখন অনুষ্ঠিত কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াৰ অৱদানৰ বাবে দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি সভাপতি তৰংগ গগৈয়ে সকলোধৰণৰ সহায়–সহযোগিতাৰ বাবে জিলা প্রশাসন, আৰক্ষী, এ পি ডি চি এলকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ সংবাদ মাধ্যমৰ যোগাত্মক প্রচাৰে মেচখন সফলতাৰে অনুষ্ঠিত কৰাত বিশেষ অৰিহণা যোগালে বুলিও সভাপতি তৰংগ গগৈয়ে উল্লেখ কৰে৷ সংবাদ মেল সম্বোধন কৰি এ চি এৰ সভাপতিগৰাকীয়ে লগতে কয় যে মঙলবাৰৰ মেচখনত কোহলি আৰু শ্রীলংকাৰ অধিনায়ক ছানাকাৰ শতক, ৰোহিত শর্মা আৰু শুভমন গিলৰ অর্ধশতকত পর্বতসম ৰানে বর্ষাপাৰা ষ্টেডিয়ামলৈ যোগাত্মক বার্তা কঢ়িয়াই আনিছে৷ এনেধৰণৰ পিটচ ক্রিকেটাৰসকলে বিচাৰে বুলি উল্লেখ কৰি তৰংগ গগৈয়ে লগতে কয় যে মেচখনৰ সফল সমাপ্তিয়ে অসম ক্রিকেট সন্থাক বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ বাবে দাবী জনোৱাৰ বাট মুকলি কৰিলে৷ বি চি চি আয়ে বিশ্বকাপৰ অন্তত গ্রুপ পর্যায়ৰ দুখন মেচ অসমত অনুষ্ঠিত কৰাৰ সুযোগ প্রদান কৰিব বুলি তেওঁ আশাবাদী৷ আনহাতে, গুৱাহাটী ৰাজস্থান ৰয়েলছৰ হোমগ্রাউণ্ড হোৱাৰ বাবে আই পি এলৰো দুখন মেচ অনুষ্ঠিত কৰিব পাৰিব বুলি আশাবাদী তৰংগ গগৈ৷ ইফালে, সংবাদ মেলত তেওঁ ১৮ জানুৱাৰীৰ পৰা গুৱাহাটীত ছিনিয়ৰ মহিলা এদিনীয়া ক্রিকেট অনুষ্ঠিত হ’ব বুলি প্রকাশ কৰে৷ ৮টা দলৰ মাজত হ’বলগীয়া প্রতিযোগিতাখনত ভাগ লোৱাৰ উদ্দেশ্যে ১৫ জানুৱাৰীত অসমত উপস্থিত হ’ব দলকেইটা৷ কালিৰ মেচখনত ষ্টেডিয়ামত দর্শকৰ কিছুসংখ্যক আসন খালী থকা সন্দর্ভত ব্যাখ্যা কৰি এ চি এৰ সভাপতিগৰাকীয়ে কয় যে সন্মুখত বিহু থকাৰ বাবে গুৱাহাটীৰ বাহিৰৰ বহু লোকে ইচ্ছা থকা সত্ত্বেও মেচ উপভোগ কৰিবলৈ আহিব নোৱাৰিলে৷ আনহাতে, টি–২০ৰ জনপ্রিয়তাই টেষ্ট মেচৰ দৰে এদিনীয়া ক্রিকেটৰো জনপ্রিয়তা হ্রাস কৰি আনিছে৷ উল্লেখ্য যে মঙলবাৰৰ মেচখনত মুঠ ৩২ হাজাৰ দর্শক উপস্থিত আছিল৷ ৩৮ হাজাৰ দর্শকৰ বাবে আসন থকা ষ্টেডিয়ামখনত ৬ হাজাৰ আসন খালী আছিল৷

You might also like