নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত কংগ্রেছী মন্ত্রীৰ পিএৰ লগুৱাৰ ঘৰত উদ্ধাৰ ৩০ কোটি টকা

🔹 মেচিনৰ জৰিয়তে টকা গণি ভাগৰি পৰিছে বেংক বিষয়া

বিশেষ বাৰ্তা, ৭ মে’ : ঝাৰখণ্ডৰ এগৰাকী মন্ত্রীৰ ব্যক্তিগত সচিবকে ধৰি ঘৰুৱা সহায়কৰ বাসগৃহত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে অভিযান চলাই জব্দ কৰা নগদ টকা গণনা কৰি শেষ কৰিব পৰা নাই৷ কেইবাজনো বেংক বিষয়াই মেচিনৰ জৰিয়তে টকা গণি গণি ভাগৰি পৰিছে৷ উদ্ধাৰ হোৱা নগদ টকা ৩০ কোটি গণনা কৰা হৈছে৷ ইডিয়ে প্রকাশ কৰা মতে, টকাৰ বাণ্ডিলৰ পাহাৰ হৈ থকা ব্যক্তিগত সচিব আৰু ঘৰুৱা সহায়কৰ নগদ টকা গণিবলৈ আৰু অধিক সময়ৰ প্রয়োজন হ’ব৷ ঝাৰখণ্ডৰ গ্রামোন্নয়ন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা আলমগীৰ আলমৰ ব্যক্তিগত সচিব, ঘৰুৱা সহায়ক সঞ্জীৱ লালৰ বাসগৃহত দুদিন ধৰি ইডিৰ দলে অভিযান চলাই আছে৷ এই অভিযানত গাড়ীখানা চ’কৰ সমীপৰ চৌহদত বৃহৎ বেগৰ ভিতৰত ভৰাই ৰখা বাণ্ডিলে বাণ্ডিলে ৫০০ টকীয়া নোট উদ্ধাৰ কৰা হৈছে৷ এই উদ্ধাৰ কৰা নোটসমূহ ইডিয়ে বেংক বিষয়াৰ জৰিয়তে গণনা কৰি আছে৷ নগদ ধনৰ উপৰি সোণৰ আ–অলংকাৰ জব্দ কৰিছে৷ ইডিয়ে ইতিমধ্যে পিএমএলএ আইনৰ অধীনত গোচৰ ৰুজু কৰি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ লগতে আন কেইবাঠাইতো এই সন্দর্ভত অভিযান চলাই আছে৷ মন কৰিবলগীয়া যে গ্রামোন্নয়ন বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা বীৰেন্দ্র কে ৰাম জড়িত থকা অবৈধ ধনৰ লেনদেনৰ গোচৰত ইডিয়ে অভিযান চলাই মন্ত্রীৰ ব্যক্তিগত সহায়কৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নগদ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মন্ত্রীৰ ঘৰুৱা সহায়কৰ পৰা ইডিয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি বিজেপিয়ে কয় যে ঝাৰখণ্ড মুক্তি মর্চা, কংগ্রেছ আৰু আৰজেডিয়ে ঝাৰখণ্ডক লুটলেণ্ডলৈ পর্যবসিত কৰিছে৷ ৩০ কোটি টকা নগদ উদ্ধাৰ হোৱাটোৱেই শাসকীয় দলৰ মন্ত্রীৰ কু–কীর্তি উদঙাই দিছে৷ ইপিনে, কংগ্রেছে এই সন্দর্ভত দোষী সাব্যস্ত হ’লে ৰেহাই দিয়া নহ’ব বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে৷

You might also like