নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত দিনৰ পিছত ট্রাম্পক ‘নিৰস্ত্র কৰিব’ ছিনেটে

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : ইতিৰেখা পৰিবলৈ ওলাইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ইৰান জয়ৰ স্বপ্নত৷ মধ্যপ্রাচ্যৰ যুদ্ধ ৰোধ কৰিবলৈ ট্রাম্পৰ হাতৰ পৰা অস্ত্র কাঢ়ি নিব পাৰে মার্কিন ছিনেটে৷ জানিব পৰা মতে, এই যুদ্ধখন চলাই যাবলৈ ট্রাম্পৰ হাতত আছে মাত্র সাত দিনৰ সময়৷ ইয়াৰ পিছত ইৰানত কোনো আক্রমণ কৰিবলৈ হ’লে অনুমতি ল’ব লাগিব ছিনেটৰ৷

ডেম’ক্রেট দলৰ কথা বাদেই, স্বয়ং ট্রাম্পৰ দলৰো বহু ছিনেটৰ এই যুদ্ধৰ বিৰোধী৷ এনেক্ষেত্রত মার্কিন ছিনেটে ৰাষ্ট্রপতি ট্রাম্পৰ যুদ্ধৰ উন্মাদনাত গতিৰোধক লগাবলৈ আগবঢ়াটো আচৰিত কথা নহয়৷ আমেৰিকাৰ সংবিধান অনুসৰি কোনো যুদ্ধ আৰম্ভ হ’লে আৰু সেই যুদ্ধ চলাই যাবলৈ হ’লে ৬০ দিনৰ ভিতৰত ছিনেটৰ অনুমোদন বাধ্যতামূলক৷ অৱশ্যে ইৰান যুদ্ধৰ ক্ষেত্রত কিছু কাৰচাজি কৰিছিল ট্রাম্পে৷ যোৱা ২৮ ফেব্রুৱাৰীত ইৰানৰ ওপৰত আক্রমণ চলোৱা হ’লেও ২২ মার্চত ছিনেটক এই বিষয়ে অৱগত কৰা হয়৷ সেই হিচাপে ১ মে’ত শেষ হ’ব সংবিধানপ্রদত্ত ৬০ দিনৰ ম্যাদ৷ যুদ্ধ চলাই যাবলৈ হ’লে ইয়াৰ পূর্বে ছিনেটৰ অনুমতি লোৱাটো প্রয়োজন হৈ পৰিব ট্রাম্পৰ বাবে৷

পিছে এক প্রতিবেদনত প্রকাশ পোৱা মতে, ছিনেটৰ মুখামুখি হ’বলৈ বিচৰা নাই ট্রাম্পে৷ ১০০জনীয়া সদস্যৰ ছিনেটত ট্রাম্পৰ দলৰ ছিনেটৰৰ সংখ্যা ৫৩জন৷ তাৰ বিপৰীতে বিৰোধী ডেম’ক্রেটিক পার্টীৰ সদস্য সংখ্যা ৪৭জন৷ লক্ষণীয়ভাৱে ট্রাম্পৰ দল ৰিপাব্লিকান পার্টীৰ ১০জনৰো অধিক সদস্যই পোনপটীয়াকৈ ট্রাম্পৰ ইৰান যুদ্ধৰ বিৰোধিতা কৰিছে৷ তদুপৰি সৰু যুদ্ধ বুলি ট্রাম্পে যি সামৰিক সংঘাত আৰম্ভ কৰিছিল, ইমান দিন হৈ যোৱাৰ পিছতো এই যুদ্ধত কোনোধৰণৰ সাফল্যৰ মুখ দেখা নাই আমেৰিকাই৷ বৰং ৰাজকোষৰ ধনৰ শ্রাদ্ধ হৈছে৷

হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াৰ ফলত সংকটৰ সন্মুখীন হৈছে সমগ্র বিশ্বৰ অর্থনীতি৷ এই পৰিস্থিতিত যুদ্ধ চলাই যোৱাৰ অনুমতি হয়তো নাপাবও পাৰে ৰাষ্ট্রপতি ট্রাম্পে৷ এনেক্ষেত্রত ট্রাম্পৰ হাতত যি বিকল্প আছে সেয়া হ’ল ১ মে’ৰ পূর্বে যিকোনো প্রকাৰে এই যুদ্ধ বন্ধ কৰাৰ৷ অৱশ্যে যুদ্ধ চলাই যোৱাৰ আৰু এটা বিকল্প উপায় আছে ট্রাম্পৰ ওচৰত৷ ৬০ দিনৰ পিছত এবাৰৰ বাবে ৩০ দিনৰ অতিৰিক্ত সময় পাব পাৰে ট্রাম্পে৷ ইয়াৰ পিছত যুদ্ধ বন্ধ কৰাৰ প্রবল চাপ আহিব ছিনেটৰ ফালৰ পৰা৷

অৱশ্যে বিশেষজ্ঞসকলৰ দাবী যে কিছুক্ষেত্রত সেনা বাহিনীৰ মুৰব্বী হিচাপে বিশেষ অধিকাৰ পাই থাকে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ যিদৰে ২০১১ চনত বাৰাক ওবামাই ৬০ দিনৰ বেছি সময় ধৰি সামৰিক কার্যকলাপ চলাই গৈছিল৷ তেওঁৰ দাবী আছিল লিবিয়াত সেই আইন প্রযোজ্য নহয়৷ কাৰণ দেশখনত একেৰাহে যুদ্ধৰ পৰিস্থিতি চলি আছে৷ তেনেদৰে ২০১৯ চনতো ট্রাম্পে নিজৰ প্রথমটো কার্যকালত এই প্রস্তাৱত ভেটো দিছিল৷ সেই সময়ত য়েমেনত যুদ্ধ চলাইছিল আমেৰিকাই৷

You might also like