ছোমালিয়াৰ ম’গাদিছুত সন্ত্ৰাসবাদীৰ কাৰ বোমা বিস্ফোৰণ; ১০০ জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: ছোমালিয়াৰ ৰাজধানী ম’গাদিছুত দুটাকৈ কাৰ বোমা বিস্ফোৰণত কমেও ১০০ জন লোক নিহত হৈছে। এই ঘটনা দেশখনৰ শিক্ষা মন্ত্ৰালয়ৰ বাহিৰত সংঘটিত হৈছে। ছোমালিয়াৰ ৰাষ্ট্ৰপতি হাছান শ্বেইখে এক বিবৃতিত এই ঘটনাৰ দুখ প্ৰকাশ কৰি লগতে ৩০০ লোক আহত হোৱা বুলিও সদৰী কৰিছে। অৱশ্যে এই আক্ৰমণৰ বাবে এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই।
উল্লেখ্য যে ৫ বছৰ পূৰ্বেও এই ঠাইত বোমা বিস্ফোৰণ হৈছিল, য’ত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।