নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেঁতেলীয়াত কৃষি বিপ্লৱঃ চৰকাৰৰ সহযাগত বৃহৎ কোম্পানীৰ আৰ্হিত কৃষকৰ কোম্পানী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: কেন্দ্রীয় চৰকাৰৰ কৃষি বিভাগৰ আঁচনিৰ অধীনত গুৱাহাটীৰ বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ তেঁতেলীয়াৰ প্রায় ১৫০০গৰকী খেতিয়কে কৃষি উৎপাদনৰে দুগুণ উপাৰ্জনৰ পৰিৱেশ সৃষ্টি কৰিছে। কৃষি উৎপাদনৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগত অঞ্চলটোৰ কৃষকে ‘তেঁতেলীয়া এগ্র অর্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেড’নামৰ এটা কোম্পানী স্থাপন কৰিছে। এই কেম্পানীয়ে ভাৰতৰ বৃহৎ কোম্পানীৰ দৰেই উৎপাদিত সামগ্ৰীৰ লাভৰ অংশ একাংশ কৃষকে ভগাই লোৱাৰ বাবে নৱেম্বৰত এক অনুষ্ঠান অনুষ্ঠিত কৰিব।

লক্ষণীয় যে ১৫০০ খেতিয়কে ইতিমধ্যেই উৎপাদিত সামগ্ৰীৰ উচিত দাম পাইছে। তেওঁলোকৰে প্রায় ৭০০ কৃষকে নৱেম্বৰত বিক্ৰী হোৱা লাভৰ অংশ ভগাই ল’ব। অসমৰ দৰে ৰাজ্যত আম্বানি, আদানিৰ দৰে | কোম্পানীৰ দৰেই কৃষকৰ কোম্পানীৰ এনে ব্যৱস্থাই ৰাজ্যৰ কৃষকৰ বাবেই আদর্শ হ’ব পাৰে। কাৰণ, ৰাজ্যত মধ্যভোগীয় কৃষকক কম মূল্য আদায় দি মাধমাৰ দি থকাৰ সময়ত এনে ব্যৱস্থাৰে কৃষক উপকৃত হব।

You might also like