নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত আত্মঘাতী গাড়ীবোমা বিস্ফোৰণত নিহত ৩৪

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ  মূল ষ্টাৰৱাৰ ছবিৰ ত্রিল’জীত ডার্থ ভাডাৰৰ চৰিত্রত অভিনয় কৰা ব্রিটিছ অভিনেতা দেৱ প্র’জৰ দেহাৱসান ঘটিছে৷ ৮৫ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰিছে পৰিয়ালে৷ স্মর্তব্য যে ব্রিষ্টলৰ প্রাক্তন বডী বিল্ডাৰগৰাকীক ষ্টাৰৱাৰ ছবিত লোৱা হৈছিল তেওঁৰ বিশাল শৰীৰৰ বাবে৷ কিন্তু তেওঁ অভিনয় কৰা ডার্থৰ চৰিত্রত কণ্ঠস্বৰ দিবলগীয়া হৈছিল জেমছ আর্ল জ’নছে৷ অৱশ্যে পৰৱর্তী সময়ত কেইবাখনো ছবিত অভিনয় কৰি বিশেষ দক্ষতাৰ পৰিচয় দিছিল অভিনেতাগৰাকীয়ে৷ ডার্থৰ মৃত্যুত সতীর্থ অভিনেতাসকলে দুখ প্রকাশ কৰিছে৷

You might also like