নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত জ্বলিছে তেহৰান, মধ্যপ্রাচ্যত ৮ দিনে নির্বাপিত হোৱা নাই যুদ্ধৰ জুই

ডিজিটেল ডেস্ক, ৮ মার্চ : আঠ দিনৰ পিছতো মধ্যপ্রাচ্যত নির্বাপিত হোৱা নাই যুদ্ধৰ জুই৷ শনিবাৰে পুৱা ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত দাওদাওকৈ জ্বলিল তেহৰানৰ বিমানবন্দৰকে ধৰি একাধিক স্থান৷ ইৰানৰ ৰাজধানীৰ মেহৰাবাদ বিমানবন্দৰো ইজৰাইলী ক্ষেপণাস্ত্রৰ আঘাতত নিমিষতে জ্বলি ছাৰখাৰ হয়৷

আইডিএফৰ সূত্রই সদৰী কৰা মতে, ইৰানে পুনৰ গ্রেটাৰ তেল আভিভ আৰু মধ্য ইজৰাইলৰ বিভিন্ন অঞ্চলত আক্রমণ চলাইছে৷ ইয়াৰ প্রতিশোধকল্পে ইজৰাইলে পুনৰ তেহৰানলৈ নিক্ষেপ কৰিছে এটাৰ পিছত আনটো মিছাইল৷ কেৱল ইৰানতে বিগত ৫ দিনত আমেৰিকা–ইজৰাইলে দুহাজাৰৰো অধিক স্থানত ক্ষেপণাস্ত্র আৰু ড্রোন আক্রমণ অব্যাহত ৰাখিছে৷ ২৮ ফেব্রুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে ইৰানত আক্রমণ আৰম্ভ কৰিছিল৷ সেই আক্রমণত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা খামেনেইসহ তেওঁৰ পৰিয়াল আৰু প্রতিৰক্ষা মন্ত্রী নিহত হয়৷ ইয়াৰ পিছতে মধ্যপ্রাচ্য যুদ্ধৰ ক’লীয়া ডাৱৰে ছানি ধৰে৷

বিগত ৮ দিনৰ আক্রমণত ইৰানত শিশু–মহিলাসহ দুহাজাৰৰো অধিক লোকৰ প্রাণহানি হৈছে৷ বিধ্বস্ত হৈছে বৃহৎ বৃহৎ অট্টালিকা৷ ইফালে, যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইৰানক বিনাচর্তে আত্মসমর্পণ কৰাৰ দাবী জনাইছে৷ ছ’চিয়েল মিডিয়াত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে লিখিছিল যে কোনো কূটনৈতিক পথ বিচাৰি পোৱাৰ আগেয়ে ইৰানে বিনাচর্তে আত্মসমর্পণ কৰিব লাগিব৷ ইৰানত যদি এজন ভাল আৰু গ্রহণযোগ্য নেতা নির্বাচিত হয়, তেন্তে আমেৰিকা আৰু অন্যান্য মিত্র দেশসমূহে একেলগে কাম কৰি ধ্বংসৰ পৰা উভতি অহাত সহায় কৰিব৷

ট্রাম্পে লগতে কৈছিল– নতুন নেতৃত্ব অহাৰ পিছতে ইৰানৰ অর্থনীতি পুনৰুদ্ধাৰ কৰি দেশখনক পুনৰ শক্তিশালী কৰাৰ প্রচেষ্টা হাতত লোৱা হ’ব৷ ইৰানৰ ৰাজনৈতিক ভৱিষ্যৎ গঢ় দিয়াত তেওঁ অগ্রণী ভূমিকা ল’ব বিচাৰে বুলিও মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰে৷

কিন্তু মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ এই প্রস্তাৱক একমুখে নস্যাৎ কৰিছে ইৰানে৷ ইৰানে স্পষ্ট কৰি দিছে যে এই পৰিস্থিতিত তেওঁলোকে নিজৰ স্থিতি সলনি কৰিবলৈ ইচ্ছুক নহয়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সমগ্র মধ্যপ্রাচ্যই সপ্তম দিনটোত বাকযুদ্ধৰ সাক্ষী হৈছে৷ প্রথম অৱস্থাত ইৰানে সমগ্র মধ্যপ্রাচ্যত সিঁচৰতি হৈ থকা আমেৰিকাৰ ঘাটিসমূহত আক্রমণ কৰিছিল৷ তেহৰানৰ অসাৱধানতাপূর্ণ আক্রমণৰ বিৰুদ্ধে ইৰাকৰ উপৰি চুবুৰীয়া ৰাষ্ট্র কুৱেইট, ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, ওমান আৰু জর্দানে ক্ষোভ প্রকাশ কৰিছে৷ ইয়াৰ ফলতে এই বন্ধুত্বপূর্ণ দেশসমূহ শত্রু দেশলৈ ৰূপান্তৰিত হৈছে৷ ইতিমধ্যে ছৌদি আৰবে ইৰানৰ বিৰুদ্ধে আক্রমণৰ সকীয়নি দিছে৷

এফালে আমেৰিকা–ইজৰাইলৰ আক্রমণৰ সময়তে যদি মধ্যপ্রাচ্যৰ আন দেশসমূহে ইৰানত আক্রমণ চলাবলৈ বাধ্য হয়, তেতিয়াহ’লে দেশখনৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে৷ বিগত দিনসমূহত ইৰানে ৫০০ বেলিষ্টিক মিছাইল, দুহাজাৰ ড্রোনেৰে আক্রমণ কৰিছে৷ ইৰানৰ যুদ্ধৰ সমান্তৰালভাৱে পাকিস্তানকে ধৰি একাংশ দেশত খামেনেইৰ মৃত্যুৰ প্রতিবাদত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ পাকিস্তানৰ আমেৰিকাৰ দূতাৱাসৰ সন্মুখত আজিও একাংশ প্রতিবাদকাৰীয়ে ‘ডাউন উইথ আমেৰিকা’ আৰু ‘ডাউন উইথ ইজৰাইল’ ধ্বনিৰে অসংখ্য লোকে প্রতিবাদ সাব্যস্ত কৰে৷ পাকিস্তানৰ ৰাজধানী চহৰত একাংশ চিয়া মুছলমানে গোটেই দিনটো সমদল কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে মার্কিন দূতাৱাসত আক্রমণৰ আশংকা কৰি হাই এলার্ট জাৰি কৰা হৈছে৷ সমান্তৰালভাৱে মোতায়েন কৰা হৈছে বৃহৎসংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী৷

You might also like