নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ জন আশীর্বাদ যাত্রাত ৬ দিনত ১০ লাখৰ শুভাশিস মুখ্যমন্ত্রী ড০ শর্মাক

ডিজিটেল ডেস্ক, ৮ মার্চ : বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই ৰাজ্যবাসীৰ আস্থা–বিশ্বাস আৰু আশীর্বাদক নির্বাচনী যুঁজৰ অস্ত্রৰূপে পৰিগণিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীর্বাদ যাত্রা পর্যবসিত হৈছে ভোটাৰৰ কণ্ঠস্বৰলৈ৷ যোৱা ২৮ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা জন আশীর্বাদ যাত্রা ৰাজ্যবাসীৰ প্রত্যাশা, আস্থা আৰু আকাংক্ষাৰ শক্তিশালী প্রকাশৰূপে পৰিগণিত হৈছে৷

ৰাজ্যজুৰি আগবঢ়া এই যাত্রাই অভূতপূর্ব জনসমর্থন আৰু উষ্ম সঁহাৰি লাভ কৰিছে, যিয়ে যোৱা দশকৰ উন্নয়ন আৰু সু–প্রশাসনৰ ওপৰত জনতাৰ দৃঢ় আস্থাক স্পষ্ট কৰি তুলিছে৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঐতিহাসিক ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই যাত্রাই ইতিমধ্যে ৬ দিন অতিক্রম কৰিলে৷ এই ৬টা দিনত ১০ লাখৰো অধিক লোকে অংশগ্রহণ কৰা আশীর্বাদ যাত্রাত কেৱল গুঞ্জৰিত হৈছে– ‘আহিছে আহিছে হিমন্ত আহিছে’৷ ইতিমধ্যে ৬২৫ কিলোমিটাৰ পথ অতিক্রম কৰা আশীর্বাদ যাত্রাত অনুষ্ঠিত হ’ল ৭৫৪টা কার্যসূচী৷ ৮খন জিলাৰ ২৬টা বিধানসভা সমষ্টিক অতিক্রম কৰি আগবঢ়া এই আশীর্বাদ যাত্রাত প্রতিফলিত হৈছে মুখ্যমন্ত্রীৰ প্রতি নতুন প্রজন্মৰ বিশ্বাস তথা আস্থা৷

মুখ্যমন্ত্রীগৰাকী য’তেই উপস্থিত হৈছে, তাতেই বিপুল উৎসাহেৰে স্বাগতম জনাইছে–শুভাশিস দিছে সাধাৰণ ৰাইজে৷ চৌদিশে কেৱল এটাই শ্লোগান– ‘আহিছে আহিছে হিমন্ত আহিছে, অসমৰ সুৰক্ষা–বিকাশৰ প্রতিজ্ঞা৷’ এই ধ্বনিৰে মুখৰ হোৱা উজনি অসমৰ প্রতিটো সমষ্টিত প্রতিদিনে ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰিয়ে কার্যতঃ শক্তিশালী কৰি তুলিছে বিজেপিৰ নির্বাচনী যুঁজ৷

লক্ষণীয়ভাৱে এই যাত্রাত প্রায় সকলো ঠাইতে পৰিলক্ষিত হৈছে বহু আৱেগিক দৃশ্য৷ মুখ্যমন্ত্রীক এবাৰ চুই চোৱাৰ হেঁপাহ, ওচৰৰ পৰা দেখা কৰাৰ ইচ্ছাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিছে বহু যুৱক–যুৱতীয়ে৷ শিশুৰ পৰা যুৱপ্রজন্ম, নাৰীশক্তি সকলোৱে উল্লাসেৰে মামা মামা বুলি মাতি মুখ্যমন্ত্রী ড০ শর্মাক এবাৰ চুই চোৱাৰ বাবে ঠেলা–হেঁচা কৰাও পৰিলক্ষিত হৈছে৷ আই-মাতৃ তথা নাৰীশক্তিয়ে মুখ্যমন্ত্রীক আশীর্বাদ যাচিছে, শিশু, যুৱক–যুৱতী, জ্যেষ্ঠ নাগৰিক, দিব্যাংগসকলেও মুখ্যমন্ত্রীক এষাৰ মাত লগোৱাৰ বাবে পথৰ কাষত অপেক্ষা কৰিছে বহু সময়৷

কার্যতঃ বিধানসভা নির্বাচনৰ পূর্বে বিৰোধীক নিষ্প্রভ কৰি মুখ্যমন্ত্রীৰ নেতৃত্বত আৰম্ভ হোৱা এই জন আশীর্বাদ যাত্রাই উজনিৰ প্রতিটো সমষ্টিতে বিজেপিৰ ভেটি শক্তিশালী কৰাই নহয়, পুনৰ শাসকীয় দলটোৰ সপক্ষে নির্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাৰ জন আশীর্বাদ যাত্রাই ইতিমধ্যে বৰছলা, ঢেকীয়াজুলি, তেজপুৰ, নদুৱাৰ, ৰঙাপৰা, জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ, গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ধেমাজি, চিচিবৰগাঁও, জোনাই, খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিক সামৰি লৈছে৷

You might also like