নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত অভাৱনীয়ভাৱে বৃদ্ধি বয়োজ্যেষ্ঠৰ সংখ্যা

🔹 প্রতি ১০জনৰ ভিতৰত এজনৰ বয়স ৮০ৰ ঊর্ধ্বত

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : বয়োজ্যেষ্ঠ নাগৰিকৰ দেশত পৰিণত হৈছে জাপান৷ প্রথমবাৰলৈ দেশখনৰ প্রতি ১০গৰাকী লোকৰ ভিতৰত এগৰাকীতকৈ অধিক লোকৰ বয়স ৮০ বছৰৰ ঊর্ধ্বৰ বুলি চৰকাৰী তথ্যত প্রকাশ পাইছে৷ দেশখনৰ চৰকাৰী তথ্যত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ১২৫ নিযুত জনসংখ্যাৰ দেশখনৰ ২৯.১ শতাংশৰ বয়স ৬৫ বছৰ বা তাতকৈ ঊর্ধ্বৰ ৷ স্মর্তব্য যে বিশ্বৰ কম জন্মৰ হাৰৰ দেশবোৰৰ ভিতৰত অন্যতম হৈছে জাপান৷ দেশখনে জনসংখ্যা বৃদ্ধিৰ বিষয়টোৰ ওপৰত দীর্ঘদিন ধৰি গুৰুত্ব আৰোপ কৰি আহিছে৷ আনকি বিভিন্ন অভিলাষী আঁচনিও গ্রহণ কৰিছে দেশখনৰ চৰকাৰে৷ কিন্তু প্রত্যাশিতভাৱে জন্মৰ হাৰ বৃদ্ধি কৰিব পৰা নাই দেশখনে৷ লক্ষণীয়ভাৱে দেশখনত বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে তৰুণ প্রজন্মৰ জনসংখ্যাতকৈ ৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, এই ক্ষেত্রত জাপানৰ পিছতে স্থান লাভ কৰিছে ইটালী আৰু ফিনলেণ্ডে৷

You might also like