নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষাৰ ধুমুহাত ১০ পর্বতাৰোহীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ তুষাৰ ধুমুহা আৰু হিমস্খলনত তেহৰানৰ উত্তৰ প্রান্তৰ পর্বতত মৃত্যু হৈছে ১০গৰাকী আৰোহী৷ ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ উল্লেখনীয় যে আলবর্জ পর্বত হৈছে ৰাজধানী চহৰখনৰ সমীপতে থকা পর্বত আৰোহীসকলৰ অতি আকর্ষণীয় স্থান৷ কিন্তু বিগত কিছুদিন ধৰি তুষাৰ ধুমুহাই অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ ৰেড ক্রেছেণ্টে ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে অঞ্চলটোলৈ প্রেৰণ কৰিছে ২০টা দল৷

উদ্ধাৰকাৰীয়ে ১৪গৰাকী আৰোহীক জীৱন্তে উদ্ধাৰ কৰিছে যদিও ১০গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷ ইফালে, অন্য সাতগৰাকী পর্বতাৰোহী সন্ধানহীন হৈ থকা বুলি উল্লেখ কৰিছে চৰকাৰী সূত্রই৷ মৃত্যু হোৱা পর্বতাৰোহীসকলৰ ভিতৰত এগৰাকী ৰাজনৈতিক কর্মী, এজন চিকিৎসক আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদো আছে৷

You might also like