যুদ্ধক লৈ একাধিক দেশৰ শান্তি প্রস্তাৱ খাৰিজ ট্রাম্পৰ
ডিজিটেল ডেস্ক, ১৬ মার্চ : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানত চলোৱা আক্রমণৰ ফলত প্রায় তিনি হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত ইন্ধনৰ তীব্র সংকটৰ সন্মুখীন হৈছে সমগ্র বিশ্ব৷ প্রভাৱ পৰিছে গোলকীয় অর্থনীতিত৷ তাৰ পিছতো যুদ্ধ বন্ধ কৰিবলৈ ৰাজী নহয় মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷
সূত্রৰ খবৰ মতে, যুদ্ধ বন্ধ কৰিবলৈ ট্রাম্পৰ ওচৰত আবেদন জনাইছে পশ্চিম এছিয়াৰ একাধিক দেশে৷ কিন্তু কোনোধৰণৰ আলোচনা-বিলোচনাৰ প্রতি আগ্রহী নহয় তেওঁ৷ ওলোটাই ইৰানৰ সামৰিক আন্তঃগাঁথনিক ধ্বংস কৰিবলৈ নিজৰ দেশৰ সেনা বাহিনীক এটাৰ পিছত এটাকৈ নির্দেশ দি আছে ট্রাম্পে৷ ইৰানে পূর্বেই জনাই দিছিল যে আমেৰিকা আৰু ইজৰাইলে আক্রমণ চলাই গ’লে তেওঁলোকেও তাৰ সমুচিত প্রত্যুত্তৰ দিব৷ এনে অৱস্থাত মধ্যপ্রাচ্যলৈ শান্তি ওভতাই অনাৰ সম্ভাৱনা ক্ষীণ হৈ পৰা বুলি ধাৰণা কৰিছে সমৰ বিশেষজ্ঞসকলে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, যুদ্ধবিৰতিৰ প্রস্তাৱ লৈ আমেৰিকাৰ সৈতে যোগাযোগ কৰিছিল ওমান আৰু মিছৰে৷ আনকি এই বিষয়ে একাধিকবাৰ হোৱাইট হাউছৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে৷ কিন্তু তেওঁলোকৰ প্রস্তাৱ শুনিবলৈ মান্তি নহয় মার্কিন ৰাষ্ট্রপতি৷ ট্রাম্পৰ কার্যালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, আপাততঃ মধ্যস্থতাত আগ্রহী নহয় ট্রাম্প৷ বৰং পেণ্টাগনৰ বিষয়াসকলৰ সৈতে বৈঠকত ইৰানক নিৰস্ত্র কৰাৰ নতুন নতুন কৌশল উলিওৱাত ব্যস্ত ট্রাম্প৷
উল্লেখযোগ্য যে যোৱা ২৮ ফেব্রুৱাৰীত ইৰানৰ মাটিত যুটীয়া আক্রমণ চলায় আমেৰিকা আৰু ইজৰাইলে৷ এই যুদ্ধৰ ফলত সমগ্র মধ্যপ্রাচ্যত পৰা বিৰূপ প্রভাৱৰ প্রতি লক্ষ্য ৰাখি মিছৰ আৰু ওমানে এই প্রস্তাৱ আগবঢ়াইছে৷ আনহাতে, মিছৰ আৰু ওমানৰ দৰে পোনপটীয়া নহ’লেও ইয়াৰ পূর্বে পৰোক্ষ শান্তি প্রস্তাৱ আগবঢ়াইছে ৰাছিয়া, চীন, স্পেইন, ভাৰতসহ কেইবাখনো ৰাষ্ট্রই৷ কিন্তু উভয় পক্ষই যুদ্ধ ৰোধ কৰিবলৈ ৰাজী নহয়৷