নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্থাতকৈ কোনো দেশৰ দল ডাঙৰ নহয়, বাংলাদেশ-পাকিস্তান ক্রিকেট ব’ৰ্ডক সকীয়নি জয় শ্বাহৰ

ডিজিটেল ডেস্ক, ১৬ মার্চ : সদ্যসমাপ্ত টি–২০ বিশ্বকাপত পাকিস্তান আৰু বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ ভূমিকাৰ বিৰুদ্ধে দেওবাৰে মুকলিকৈ ক্ষোভ প্রকাশ কৰে আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদ (আইচিচি)ৰ অধ্যক্ষ জয় শ্বাহে৷ বিশ্বকাপৰ পূর্বে দুয়োখন দেশে সৃষ্টি কৰা সমস্যাক লৈ ক্ষোভিত জয় শ্বাহে সকীয়নি প্রদান কৰি কয়– ‘কোনো দল সংস্থাতকৈ ডাঙৰ নহয়৷’

মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত আইচিচিৰ অধ্যক্ষগৰাকীয়ে কয় যে এইবাৰৰ টি-২০ বিশ্বকাপ অতি গুৰুত্বপূর্ণ আছিল৷ কাৰণ, বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে একাংশ দলে অংশগ্রহণ কৰা– নকৰাক লৈ ব্যাপক চর্চা হৈছিল৷ আইচিচিৰ অধ্যক্ষ হিচাপে মই ক’ম যে কোনো দলেই সংস্থাতকৈ ডাঙৰ নহয়৷ কোনো সংস্থা গঠন কৰিব নোৱাৰে৷ এটা সংস্থা সকলো দলৰ সহযোগিতাতহে হয়৷

তেওঁ লগতে কয় যে এইবাৰৰ বিশ্বকাপত দর্শকৰ সংখ্যাই পূর্বৰ অভিলেখ ভংগ কৰিছে৷ ক্রিকেট বিশ্বকাপৰ ইতিহাসত প্রথমবাৰৰ বাবে ৭২ লাখ দর্শকে একেলগে খেল উপভোগ কৰা পৰিলক্ষিত হৈছে৷ ইফালে, বিশ্বকাপৰ মুঠ দর্শকৰ সংখ্যায়ো পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ প্রথমখন মেচতে আমেৰিকাই ভাৰতক আৰু নেদাৰলেণ্ডে পাকিস্তানক বিপদত পেলাইছিল৷ জিম্বাব’ৱে দলে অষ্ট্রেলিয়াক পৰাস্ত কৰি এইবাৰৰ বিশ্বকাপত প্রথমটো অঘটন ঘটাইছিল৷ ইংলেণ্ডেও নেপালৰ দৰে দলৰ বিৰুদ্ধে কষ্টকৰ জয় সাব্যস্ত কৰিছিল৷ বাংলাদেশৰ অনুপস্থিতিৰ পিছতো সহযোগী দেশসমূহে সুন্দৰভাৱে বিশ্বকাপ আয়োজন কৰাত সহযোগিতা আগবঢ়ালে৷ নিৰাপত্তাৰ দোহাই দি বাংলাদেশে শ্রীলংকালৈ খেল স্থানান্তৰিত কৰাৰ বাবে জনোৱা আহ্বানৰ বিপৰীতে কেইবালানি আলোচনাৰ পিছত দলটোক বিশ্বকাপৰ পৰা বাদ দিয়া হৈছিল৷ সেই সময়ত পাকিস্তানৰ বাদে কোনো দলেই বাংলাদেশৰ দাবীক সমর্থন জনোৱা নাছিল৷ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ো বিভিন্ন প্রকাৰে জটিলতাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল৷ তেওঁলোকে আনকি গ্রুপ পর্যায়ত ভাৰতৰ বিৰুদ্ধে নেখেলাৰো সিদ্ধান্ত লৈছিল৷ এই সকলো সমস্যা পাৰ কৰি ভাৰতে শ্রীলংকাৰ সহযোগত সুন্দৰভাৱে বিশ্বকাপ আয়োজন কৰে৷

অধ্যক্ষ জয় শ্বাহে পুনৰ কয় যে সকলো সমস্যাৰ বিপৰীতে ভাৰতে এইবাৰ টি–২০ বিশ্বকাপত বিজয় সাব্যস্ত কৰি বিগত সময়ৰ মর্মবেদনা পাহৰিবলৈ সুযোগ প্রদান কৰে৷

You might also like