ঔষধৰ ওপৰতো বৃহৎ পৰিমাণৰ শুল্ক বহুৱাব ট্রাম্পে
🔹 মার্কিন ৰাষ্ট্রপতিৰ ঘোষণাত উদ্বিগ্ন ভাৰত
নিউজ ডেস্ক, ১০ এপ্রিল : এইবাৰ ঔষধৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকাই৷ এই কথা সদৰী কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ লগে লগে বিভিন্ন দেশৰ ঔষধ উৎপাদন শিল্পলৈ আহি পৰিছে আশংকা৷ ভাৰতৰ ঔষধ উৎপাদন কাৰখানাসমূহো ট্রাম্পৰ এই নতুন শুল্ক নীতিৰ বাবে ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে৷ কাৰণ আমেৰিকা হৈছে ভাৰতৰ ঔষধজাত পণ্যৰ বৃহত্তম ৰপ্তানি বজাৰ৷ কালি নেচনেল ৰিপাব্লিকান কংগ্রেছনেল কমিটীৰ এক সমাৱেশত বত্তৃণতা দিয়াৰ সময়ত ট্রাম্পে নতুন শুল্ক আৰোপৰ হুংকাৰ দিয়া শুনিবলৈ পোৱা গৈছে৷ ভৱিষ্যতে আমেৰিকালৈ আমদানিকৃত ঔষধৰ ওপৰত বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পৰিকল্পনা হোৱাইট হাউছৰ আছে বুলি ট্রাম্পে স্পষ্ট কৰি দিছে৷