নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ওপৰত আৰোপিত শাস্তিমূলক শুল্ক সম্পূর্ণ প্রত্যাহাৰ আমেৰিকাৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ভাৰত আৰু আমেৰিকাই অন্তর্ৱর্তীকালীন বাণিজ্য চুক্তি সন্দর্ভত এক যৌথ বিবৃতি প্রকাশ কৰে৷ সমান্তৰালভাৱে চুক্তিখনৰ ৰূপৰেখাও প্রকাশ কৰা হৈছে৷ সেই অনুসৰি এতিয়াৰ পৰা ভাৰতীয় সামগ্রীৰ ওপৰত আমেৰিকাৰ শুল্ক ১৮ শতাংশলৈ হ্রাস কৰা হৈছে৷ ভাৰতে ৰাছিয়াৰ তেল ক্রয় নকৰোঁ বুলি দিয়া প্রতিশ্রুতিৰ বাবে আমেৰিকাই আৰোপ কৰা শাস্তিমূলক ২৫ শতাংশ শুল্কও আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রত্যাহাৰ কৰা বুলি ঘোষণা কৰে ট্রাম্পে৷

বিবৃতিটোত দুয়োখন দেশে চুক্তিৰ ৰূপৰেখা ক্ষিপ্রতাৰে কার্যকৰী কৰাৰ লগতে পাৰস্পৰিক লাভজনক ত্রিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশত কাম কৰিব৷ এই চুক্তিয়ে দুয়োখন দেশৰ অর্থনৈতিক আৰু বাণিজ্য সম্পর্ক গভীৰ কৰি তুলিব৷ এই বাণিজ্যিক চুক্তিক ঐতিহাসিক মাইলৰ খুঁটি আৰু দুয়োখন দেশৰ আস্থাৰ প্রতিফলন বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে মার্কিন ৰাষ্ট্রপতি ট্রাম্পক ধন্যবাদ জনায়৷

তেওঁ লগতে চুক্তিখনৰ ফলত মহিলা, যুৱক–যুৱতীসকলৰ বাবে বহু চাকৰিৰ সুযোগ বৃদ্ধি পাব বুলি কয়৷ ইফালে, বাণিজ্যিক চুক্তিৰ বিবৃতি প্রকাশৰ সমান্তৰালভাৱে ট্রাম্পে ভাৰতক সকীয়নি দিবলৈ এৰা নাই৷ তেওঁ ভৱিষ্যতে ৰাছিয়াৰ পৰা তেল ক্রয় অব্যাহত ৰাখিলে পুনৰ ২৫ শতাংশ শাস্তিমূলক শুল্ক আৰোপৰ ভাবুকি দিয়ে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে লগতে ভাৰতৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ প্রশাসনকো নির্দেশ দিছে৷

You might also like