নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ নাহে মার্কিন পপ তাৰকা ছাকিৰা, সূচী ঘোষণাৰ পিছতো স্থগিত ভ্রমণ

ডিজিটেল ডেস্ক, ২৩ মার্চ : প্রায় দুই দশকৰ পিছত ভাৰতলৈ আহি সংগীতানুষ্ঠান পৰিৱেশনেৰে অনুৰাগীসকলক মনোৰঞ্জন দিয়াৰ কথা আছিল মার্কিন পপ তাৰকা ছাকিৰাৰ৷ কিন্তু উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে আপাততঃ নহ’ব শিল্পীগৰাকীৰ কনচার্ট৷ যিসকলে টিকট কাটিছিল তেওঁলোকক মূল্য ওভতাই দিয়া হ’ব৷

কুইন অৱ লেটিন মিউজিক হিচাপে সমগ্র বিশ্বতে বিপুল খ্যাতি অর্জন কৰা পপ তাৰকাগৰাকীয়ে অহা ১০ এপ্রিলত মুম্বাইৰ ৰেচক’ছ মাথ আৰু ১৫ এপ্রিলত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কনচার্টত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ প্রথমতে টিকটৰ দাম আছিল ৬ হাজাৰ টকাৰ পৰা সর্বোচ্চ প্রিমিয়াম এইচএছবিচি ষ্টাৰ ষ্ট্রার্ক লাউঞ্জ পাছৰ ৩২ হাজাৰ টকালৈকে৷ স্বাভাৱিকতেই কনচার্ট স্থগিত হোৱাত বেয়া লাগিছে অনুৰাগীসকলৰ৷

উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে অনুষ্ঠান স্থগিত হ’লেও বাতিল কৰা হোৱা নাই৷ পৰৱর্তী সময়ত তাৰিখ স্থিৰ হ’লে তাক জনাই দিয়া হ’ব৷ তথাপি অহা ৫ৰ পৰা ৭টা কর্ম দিনৰ ভিতৰত টিকটৰ দাম ঘূৰাই দিয়া হ’ব বুলি তেওঁলোকে জনাইছে৷ সাম্প্রতিক ভূ–ৰাজনৈতিক পৰিস্থিতিৰ বাবে এই কার্যসূচী স্থগিত ৰখা বুলি কোৱা হৈছে৷

You might also like