নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামঘৰ-মন্দিৰত সেৱা লৈ মনোনয়ন দাখিল ঢকুৱাখনাৰ বিজেপি প্রার্থী নৱ কুমাৰ দলেৰ

ঢোলে-দগৰে পৰিবেষ্টিত হৈ গীত-মাতেৰে ঢকুৱাখনা সমষ্টিৰ আকাশ-বতাহ কঁপাই আজি কেইবাহেজাৰ সমৰ্থকসহ আনুষ্ঠানিকভাৱে মনোনয়ন পত্র দাখিল কৰে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্রার্থী নৱ কুমাৰ দলেই। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিলৰ পূর্বে অসংখ্য দলীয় কৰ্মী-সমর্থকৰ উপস্থিতিত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে ঢকুৱাখনাত।

আজি পুৱাই ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনা জিলা কাৰ্যলয়ত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত প্ৰাৰ্থী নৱ কুমাৰ দলেই উপস্থিত হৈ দলীয় কর্মী আৰু সমর্থকসকলৰ সৈতে সমবেত হৈ আশিস গ্রহণ কৰে। তৃতীয়বাৰৰ বাবে ৭৭নং ঢকুৱাখনা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰা নৱ কুমাৰ দলেৰ মনোনয়ন পত্র দাখিলক কেন্দ্ৰ কৰি ঢকুৱাখনা নগৰস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত সমষ্টিটোৰ বিভিন্ন প্রান্তৰ পৰা অহা অগণন দলীয় নেতা-কৰ্মী, সমৰ্থকে ভিৰ কৰি আকাশ-বতাহ কঁপাই তোলে। ইয়াৰ পিছতেই তেওঁ দলীয় সমর্থক-ৰাইজক লগত লৈ ঢোলে-ডগৰে মনোনয়ন-পত্র দাখিল কৰিবলৈ লখিমপুৰলৈ ৰাওনা হয়। বহুসংখ্যক সন্মানীয় ব্যক্তি আৰু বৃহৎসংখ্যক দলীয় কার্যকর্তা, সমর্থকক লগত লৈ ঢকুৱাখনাৰ পৰা লখিমপুৰত উপস্থিত হৈ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং বিষয়া প্ৰভাত পেগুৰ ওচৰত চতুৰ্থবাৰৰ বাবে মনোনয়ন পত্র দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী দলেই।

মনোনয়ন পত্র দাখিলৰ বাবে যাত্ৰা আৰম্ভ কৰা দলেই সুদীৰ্ঘ যাত্রা পথৰ কেইবাঠাইতো নামঘৰ, মন্দিৰত আঁঠু লৈ নেদেখাজনৰ আশীৰ্বাদ গ্রহণ কৰা দেখা যায়। মনোনয়ন দাখিলৰ যাত্রা পথত ৰাইজে ফুলাম গামোচাৰে দলেক আদৰণি জনোৱাও পৰিলক্ষিত হয়।

পাছত তেওঁ সাংবাদিকৰ আগত কয়- ‘সৃষ্টিকর্তা আৰু সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লৈ মনোনয়ন দাখিল কৰিলোঁ। সমষ্টিবাসী ৰাইজৰ যি মৰম আৰু আস্থা দেখিবলৈ পালোঁ তাৰে বাবে অভিভূত বুলি মন্তব্য কৰি সমষ্টিবাসীৰ আশা-আকাংক্ষাবোৰ বাস্তৱ ৰূপ দিয়াই প্রধান কর্তব্য বুলি মত ব্যক্ত কৰে দলেই।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৩ মাৰ্চ :
You might also like