যুদ্ধ কেতিয়া শেষ হ’ব সেয়া আমি নিৰ্ধাৰণ কৰিম : ট্ৰাম্পৰ দাবীত ইৰানৰ প্ৰত্যুত্তৰ
ডিজিটেল ডেস্ক, ১০ মাৰ্চ : ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ। আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলা যুদ্ধত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে সোমবাৰে নিশা সংবাদ মেলযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয় যে আমি অতি সোনকালে যুদ্ধ শেষ কৰিম। আৰু মাত্ৰ কিছুদিন। যুদ্ধ প্ৰায় শেষ হৈ গৈছে। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে হৰমুজ প্ৰণালীৰে তেল পৰিবহণত বাধা নিদিবলৈও ইৰানক সকীয়নি দিয়ে। হৰমুজ প্ৰণালীৰে তেল পৰিবহণত বাধা দিলে ইৰানত অধিক শক্তিশালী আক্ৰমণৰ কৰাৰো হুংকাৰ প্ৰদান কৰে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে এতিয়া ইৰানৰ পৰা প্ৰতিক্ৰিয়া আহিছে। ইৰানৰ ইছলামিক ৰিভ’লুচনেৰী গাৰ্ড কৰ্পে কয় যে যুদ্ধ কেতিয়া শেষ হ’ব সেই সিদ্ধান্ত আমি কৰিম, আমেৰিকাই নহয়।
উল্লেখ্য যে সোমবাৰে পুৱা ট্ৰাম্পে ফ্ল’ৰিডাৰ ড’ৰাল নেচনেল গ’ল্ফ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি কয়- “আমি অতি সোনকালে যুদ্ধ শেষ কৰিম। আৰু মাত্ৰ কিছুদিন।” লগতে তেওঁ কয়- যদিহে যুদ্ধ পুনৰ আৰম্ভ হয় তেন্তে ইৰানৰ ওপৰত আক্ৰমণ অধিক তীব্ৰতৰ হ’ব। অৱশ্যে যুদ্ধ কেতিয়া শেষ হ’ব সেই বিষয়ে তেওঁ স্পষ্ট নকৰিলে।
মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্যৰ পিছত ইৰানৰ ইছলামিক ৰিভ’লুচনেৰী গাৰ্ড কৰ্পে এক বিবৃতিত কয়- “যুদ্ধ কেতিয়া শেষ হ’ব সেই সিদ্ধান্ত আমি কৰিম। আন কোনোৱে নহয়। অঞ্চলটোৰ ভৱিষ্যত এতিয়া আমাৰ সশস্ত্ৰ বাহিনীৰ হাতত। আমেৰিকান বাহিনীয়ে যুদ্ধৰ অন্ত পেলাব নোৱাৰে”।