নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঅ’কে–অক্সাই চীন ভাৰতৰ অবিচ্ছেদ্য অংগ, ভাৰতৰ নতুন মানচিত্র প্রকাশ হোৱাইট হাউছৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : দীর্ঘদিনীয়া আলোচনা আৰু বাদ–বিবাদৰ পিছত বাণিজ্য চুক্তি স্বাক্ষৰ প্রক্রিয়াৰ আনুষ্ঠানিক বিবৃতি প্রকাশৰ সময়তে আমেৰিকাই প্রকাশ কৰা ভাৰতৰ নতুন মানচিত্রত দুই চুবুৰীয়া দেশৰ বিবদমান ভূ–খণ্ডক অন্তর্ভুক্ত কৰিছে৷ সেই অনুসৰি জম্মু–কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি দেখুৱাইছে আমেৰিকাই৷ পাকিস্তানে বাৰে বাৰে জম্মু–কাশ্মীৰক পাকিস্তানৰ বুলি ভিত্তিহীন দাবী কৰাৰ বিপৰীতে ভাৰতৰ স্থিতিক স্বীকাৰ কৰিছে অন্যতম বিশ্বাসযোগ্য মিত্র তথা বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকাই৷

শেহতীয়া মানচিত্রত সমগ্র জম্মু–কাশ্মীৰক দেখুৱাই ভাৰতৰ ভূ–খণ্ডৰ অখণ্ডতাক সুদৃঢ় কৰিলে আমেৰিকাই৷ আমেৰিকাৰ বাণিজ্য প্রতিনিধি কার্যালয়ে প্রকাশ কৰা সেই মানচিত্রত পাক অধ্যুষিত কাশ্মীৰ (পিঅ’কে) আৰু অক্সাই চীনকে ধৰি সমগ্র উত্তৰ কেন্দ্রীয় অঞ্চলক কোনো বিন্দু ৰেখা, সীমা নির্ধাৰণ বা বিতর্কিত ভূখণ্ড বুলি উল্লেখ থকা লেবেল নোহোৱাকৈ ভাৰতৰ অংশ হিচাপে দেখুওৱা হৈছে৷

ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই মানচিত্রই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ নেটিজেনে ভাৰতৰ সীমান্তক ৱাশ্বিংটনে স্বীকৃতি দিয়াৰ ওপৰত আলোকপাত কৰিছে আৰু চলিত আঞ্চলিক বিবাদৰ মাজতে স্পষ্ট কূটনৈতিক সংকেত প্রেৰণ কৰিছে৷ অৱশ্যে কাশ্মীৰৰ ওপৰত ভাৰতৰ ভূ–খণ্ডৰ সার্বভৌমত্ব কেতিয়াও বাহ্যিক বৈধতাৰ ওপৰত নির্ভৰশীল হোৱা নাই৷ কিয়নো ভাৰতে সদায় এই অঞ্চলটোক নিজৰ ভূ–খণ্ডৰ অবিচ্ছেদ্য অংগ বুলি দৃঢ়তাৰে কৈ আহিছে৷ তৎসত্ত্বেও ৱাশ্বিংটনৰ শেহতীয়া স্বীকৃতিৰে চুবুৰীয়া দেশক স্বাভাৱিকতে অস্বস্তিত পেলাব৷

উল্লেখ্য যে পাকিস্তানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফ আৰু সেই দেশৰ সেনাপ্রধানে শেহতীয়াভাৱে পিঅ’কেক পাকিস্তানৰ অংগ বুলি দাবী কৰি আহিছিল৷ সেইগৰাকী শীর্ষ ব্যক্তিয়ে ট্রাম্পক সাক্ষাতৰ পিছতে মার্কিন প্রশাসনৰ সেই মানচিত্রই বিশেষ তাৎপর্য বহন কৰিছে৷ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পর্ক উন্নত হোৱাৰ দিশে অগ্রসৰ হোৱাৰ সময়তে আমেৰিকাৰ এই পদক্ষেপ স্বাভাৱিকতে চর্চাৰ বিষয় হৈ পৰিছে৷

You might also like