নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুৰস্ক ভ্রমণৰ সময়ত মৃত্যু পত্নীৰ, মৃতদেহত স্বামীয়ে নাপালে হৃদপিণ্ড

চকু কপালত উঠিল ব্রিটিছ নাগৰিক মাৰ্টিনৰ

তুৰস্ক ভ্রমণৰ সময়ত মৃত্যু পত্নীৰ, মৃতদেহত স্বামীয়ে নাপালে হৃদপিণ্ড

তুৰস্ক ভ্রমণলৈ গৈ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল এগৰাকী ব্রিটিছ মহিলাৰ৷ ইয়াৰ পাছত দেশলৈ মৃতদেহ ওভতাই আনি স্বামীয়ে জানিব পাৰিলে যে তেওঁৰ পত্নীৰ শৰীৰত হৃদপিণ্ডয়েই নাই তৰুণী পত্নীৰ হৃদপিণ্ড তুৰস্কত কোনে চুৰি কৰিলে, তাক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে স্বামীয়ে৷

এয়া কোনো মানৱ অংগ সৰবৰাহকাৰী চক্রৰ কাম নেকি, তাক লৈ সন্দেহো কৰিছে মহিলাগৰাকীৰ স্বামীয়ে৷ ইতিমধ্যে ঘটনাক লৈ আৰম্ভ হৈছে ৰহস্য৷ বেথ মার্টিন আৰু লুক মার্টিনে তেওঁলোকৰ দুই সন্তানক লৈ তুৰস্কলৈ গৈছিল অৱসৰ বিনোদন কটাবলৈ৷

যোৱা ২৭ এপ্রিলত তেওঁলোকে তুৰস্কলৈ যায়৷ পিছদিনাখন অর্থাৎ ২৮ এপ্রিলত অসুস্থ হৈ পৰে বেথ৷ ২৮ বছৰীয়া বেথক তুৰস্কৰ এখন স্থানীয় হাস্পতালত ভর্তি কৰা হয়৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বেথৰ৷ লুকে দাবী কৰা অনুসৰি তেওঁৰ অসুস্থ পত্নীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় সহযোগিতা আগবঢ়োৱা নাছিল তুৰস্ক প্রশাসনে৷ পৰৱর্তী সময়ত ব্রিটিছ চৰকাৰৰ সৈতে যোগাযোগ কৰি গৃহভূমিলৈ পত্নীৰ দেহ ওভতাই আনিবলৈ সক্ষম হয় লুক৷

কিন্তু পত্নীৰ মৃতদেহ গৃহভূমিলৈ অহাৰ পাছতে চকু কপালত উঠে লুকৰ৷ কাৰণ ব্রিটিছ চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে বেথৰ শৰীৰত হূদপিণ্ড নাই৷ এই ঘটনাক লৈ ইতিমধ্যে ব্রিটিছ চৰকাৰে কৈফিয়ৎ তলব কৰিছে তুৰস্ক প্রশাসনক৷ তুৰস্কৰ স্বাস্থ্য মন্ত্রালয়ে এক বিবৃতি জাৰি কৰি বেথৰ মৃত্যু শৰীৰৰ কেইবাটাও অংগ বিকল হৈছিল বুলি দাবী কৰিছে যদিও মৃতদেহত হূদপিণ্ড নথকা ঘটনাটোক অস্বীকাৰ কৰিছে৷

You might also like