বিশ্বব্যাপী বাটৰুৱা কুকুৰৰ পৰিসংখ্যা, শীর্ষত আমেৰিকা যুক্তৰাষ্ট্র, ১.৫৩ কোটিৰে ভাৰত…
নিউজ ডেস্ক, ১৭ আগষ্ট : দেশৰ ৰাজধানী দিল্লীত বাটৰুৱা কুকুৰ আঁতৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে বিশ্বব্যাপী বাটৰুৱা কুকুৰৰ পৰিসংখ্যাৰে দেশৰ তালিকা প্রকাশ পাইছে৷
বাটৰুৱা কুকুৰৰ পৰিসংখ্যাৰে তালিকাৰ শীর্ষ ১০ দেশৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রই প্রথম স্থান লাভ কৰাৰ বিপৰীতে ভাৰতে চতুর্থ স্থান লাভ কৰিছে৷ শীর্ষস্থান লাভ কৰা আমেৰিকা যুক্তৰাষ্ট্রত ৭ কোটি বাটৰুৱা কুকুৰ আছে৷ এই কুকুৰবোৰৰ বাবে উদ্যান, কঠোৰ আইনৰ ব্যৱস্থা আছে৷ দ্বিতীয় স্থানত আছে ব্রাজিল, দেশখনত আছে ৩.৫৭ কোটি, তৃতীয় স্থান চীনত আছে ২.৭৪ কোটি, চতুর্থ স্থানত থকা ভাৰতত আছে ১.৫৩ কোটি বাটৰুৱা কুকুৰ৷ পঞ্চম স্থানত ৰাছিয়াত ১.৫০ কোটি, ষষ্ঠ স্থানৰ জাপানত ১.২০ কোটি, সপ্তম স্থানৰ ফিলিপাইনছত ১.১৬ কোটি, অষ্টম স্থানপ্রাপ্ত আর্জেণ্টিনাত ১ কোটি, নৱম স্থানৰ ফ্রান্সত ৭৫ লাখ আৰু দশম স্থানৰ ৰোমানিয়াত আছে ৪০ লাখ৷