নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই চাৰি ৰাশিৰ লোকসকলে ভাল জীৱন সংগী লাভ কৰে…

নিয়মীয়া বাৰ্তা ৯ জুনঃ প্ৰতিজন মানুহৰ নিজৰ জীৱন সংগীক লৈ ভিন্ন ধাৰণা থাকে। প্ৰত্যকেই নিজৰ জীৱনৰ সংগীক বিচাৰি জ্যোতিষ শাস্ত্ৰৰ আশ্ৰয় লয়। জ্যোতিষ শাস্ত্ৰ অনুসৰিও বহুলোকে নিজৰ জীৱন সংগীক বিচাৰে।

সাধাৰণতে মহিলাই সততা, বিশ্বাসী আৰু মৰমদিয়া জীৱন সংগী বিচাৰে। লগতে পুৰুষে এনেধৰণৰ জীৱন সংগীনী বিচাৰে। আনহাতে কিছুমান মানুহৰ ৰাশিতেই কিছুমান ভাল গুণ নিহিত হৈ থাকে।

এনে কিছুমান ৰাশি আছে যাৰ ভাল সংগী হোৱাৰ যোগ্যতা থাকে।

বৃষ ৰাশিঃ বৃষ ৰাশিৰ লোকসকল সকলোতকৈ বিশ্বাসী, সততা আৰু মৰমীয়াল হয়। তেওঁলোককে নিজৰ প্ৰিয় জনক কেনেকৈ ভাল লগাব লাগে সেইটো কথা জানে। লগতে নিজৰ সম্বন্ধটোক ভালকৈ কেনেকৈ ধৰি ৰাখিব লাগে সেই বিষয়ে ভালকৈ জানে।

সিংহ ৰাশিঃ সিংহ ৰাশিৰ লোকসকল  সততা আৰু বহুত বুদ্ধিয়ক হয়। তেওঁলোকে নিজৰ জীৱন সংগীক বহুত মৰম কৰে। এই ৰাশিৰ লোকসকলে প্ৰায়েই নিজৰ জীৱনসংগীক উপহাৰ দিয়াৰ উপৰিও প্ৰায়েই ভ্ৰমণলৈ যায়। লগতে ইজনে সিজনক বহুত সমৰ্থন কৰে।

কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকসকলে নিজৰ জীৱন সংগীক জোখতকৈ বেছি যত্ন লয়। লগতে নিজৰ সম্বন্ধক লৈ বহুত সংবেদনশীল হয়। তেওঁলোকে নিজৰ সংগীৰ লগত সময় অতিবাহিত কৰিব বিচাৰে। তেওঁলোকৰ মনটো বহুত শুদ্ধ। নিজৰ সংগীক সুখী কৰিবলৈ সকলোধৰণৰ কাম কৰিব পাৰে।

মীন ৰাশিঃ মীন ৰাশিৰ লোকসকল শান্ত স্বভাৱৰ হোৱাৰ লগতে নিজৰ সংগীক সুখী ৰাখিব জানে। নিজৰ জীৱন সংগীক সুখী কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰে। লগতে নিজৰ সংগীৰ প্ৰত্যক ক্ষেত্ৰতে সৰ্মথন কৰে আৰু নিজৰ সংগীৰ প্ৰতি বহুত বিশ্বাসী হয়।

You might also like