নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২২ পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে ২২ পদ৷ পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদ ২২টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, এছ চিৰ ৪টা, এছ টি–পিৰ ৩টা আৰু এছ টি–এইচৰ ২টা৷

ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি ন্যায়ালয়ৰ পঞ্জীয়কে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ দৰমহাৰ নিৰিখ ২৭,৭০০–৭৭০/৩৩,০৯০–৯২০/৪০, ৪৫০–১০৮০/৪৪, ৭৭০টকা৷ আবেদন মাচুল হিচাপে এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বিষয়ে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ghconline.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ জুন ২০২১৷

You might also like